এদিনৰ বাবে বজালীৰ আৰক্ষী অধীক্ষক হয় এটি শিশু। এই সন্দৰ্ভত শিশুটিয়ে মুখ্যমন্ত্ৰীক আবেদন দাখিল কৰিছিল। সেই আবেদনৰ ভিত্তিতে আজি তেওঁক এই বিশেষ দায়িত্ব অৰ্পন কৰা হয়।আজি ২০ নৱেম্বৰ, ২০২৫। সমগ্ৰ দেশত আজি পালন কৰা হৈছে বিশ্ব শিশু দিৱস। প্ৰতিবছৰে এই দিনটো বিশ্ব শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিনটোৰ লগত সংগতি ৰাখি আজি বজালী আৰক্ষীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। বৃহস্পতিবাৰে শিশু দিৱসৰ দিনাই বজালী আৰক্ষী অধীক্ষক হ’ল বজালী ঘটবৰ গাঁৱৰ এজন শিশু।এই শিশুজন বজালী ঘটবৰ গাঁওৰ অংকুৰ বৰুৱাৰ পুত্ৰ নিবিৰ নেচন বৰুৱা বুলি জানিব পৰা গৈছে। তেওঁ ভোটান্ত সাদেৰী ৰূপকোঁৱৰ জাতীয় বিদ্যালয় সপ্তম শ্ৰেণীত অধ্যয়নৰত। এই ছাত্ৰজনে এতিয়া এদিনৰ বাবে বজালীৰ আৰক্ষী অধীক্ষক হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *