পিএনবি হাউচিং ফাইনেন্স লিমিটেড আৰু আধাৰ হাউছিং ফাইনেন্স লিমিটেডে অসমৰ ৰাজধানী চহৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে শাখা মুকলি কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰিছে। এই সম্প্ৰসাৰণ চৰকাৰৰ ‘হাউছিং ফৰ অল’ অভিযানৰ সৈতে সংগতি ৰাখে আৰু উত্তৰ-পূৰ্বাঞ্চলত সুলভ মূল্যৰ গৃহ নিৰ্মাণ সমাধানৰ জৰিয়তে বিত্তীয় অন্তৰ্ভুক্তিৰ উন্নতি সাধনৰ লক্ষ্য লোৱা হৈছে। নতুনকৈ মুকলি কৰা শাখাটোৱে অঞ্চলটোৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে কাষ্টমাইজড হাউছিং ফাইনেন্স প্ৰডাক্ট(স্বনিৰ্ধাৰিত গৃহ নিৰ্মাণ বিত্ত)ৰ সুবিধা প্ৰদান কৰিব, য’ত গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বিত্তৰ ব্যৱধান দূৰ কৰাত গুৰুত্ব দিয়া হ’ব। দুয়োটা প্ৰতিষ্ঠানে পিছপৰা বা এতিয়াও ঢুকি নোপোৱা অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সফলতাক আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। পিএনবি হাউচিং ফাইনেন্সৰ এমডি তথা মুখ্য কাৰ্যবাহী বিষয়া গিৰীশ কৌচগীয়ে এই বিষয়ে কয় যে, “উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ বাবে সুলভ আৱাস গঢ়ি তোলাৰ বাবে আমাৰ প্ৰচেষ্টাৰ সূচনা কৰি আমি গুৱাহাটী মহানগৰীত এই সুবিধাৰ সম্প্ৰসাৰণ কৰিবলৈ পাই যথেষ্ট উৎসাহিত হৈছো।” আধাৰ হাউচিং ফাইনেন্সৰ এমডি তথা মুখ্য কাৰ্যবাহী বিষয়া ঋষি আনন্দে নিম্ন আয়ৰ লোকসমূহক প্ৰভাৱিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “আমাৰ নতুন শাখাই অঞ্চলটোৰ অৰ্থনৈতিকভাৱে দুৰ্বল বা পিছপৰা খণ্ডবোৰৰ বাবে গৃহ বিত্তৰ বাবে অতি প্ৰয়োজনীয় সুবিধা-সোপান প্ৰদান কৰিব।” এই সম্প্ৰসাৰণৰ জৰিয়তে বিশেষকৈ দ্ৰুতগতিত উন্নয়নশীল অৰ্থনীতিৰ সমৃদ্ধ গুৱাহাটী মহানগৰত সুলভ গৃহৰ বৰ্ধিত চাহিদা পূৰণ কৰিব পৰা যাব। গৃহ ঋণৰ এই বৰ্ধিত বিনিয়োগ-প্ৰৱেশৰ জৰিয়ে স্থানীয় গৃহ নিৰ্মাণ খণ্ডত অধিক কাৰ্য-কলাপ আৰু বিকাশ দেখা যাব বুলি আশা কৰা হৈছে, যাৰ ফলত সম্প্ৰদায় আৰু বিস্তৃত অঞ্চল দুয়োটাই সমানে উপকৃত হ ‘ব। Share this:FacebookX Related Post navigation আলমণ্ড হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু ওজন ব্যৱস্থাপনা সমৰ্থন কৰে নেচনেল হাউছিং বেংকে গুৱাহাটীৰ বৈঠকত উত্তৰ-পূবত গৃহ বিত্ত খণ্ডৰ সম্প্ৰসাৰণৰ বাবে সজাই তুলিলে এখন মঞ্চ