আজিৰেপৰা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ ড০ জাকিৰ হুছেইন একুৱেটিক কম্প্লেক্সত খেলো-ইণ্ডিয়া অস্মিতা মহিলা জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতা দুদিনীয়া কাৰ্যসূচীৰে আজি ২৯ মাৰ্চত দিনৰ ১০ বজাৰ পৰা আৰম্ভ হৈছে। ছুইমিং ফেডাৰেচন অফ ইণ্ডিয়া আৰু ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অন্তৰ্গত স্পৰ্টছ অথ’ৰটী অফ ইণ্ডিয়াস উদ্যোগত অসম সাঁতোৰ সন্থাৰ তত্বাৱধানত জ’ন ফাইভৰ প্ৰতিযোগিতাখনৰ আজি ১০ টা ইভেণ্টত অনুষ্ঠিত হয়। বংগ, মেঘালয় আৰু অসম দলৰ মুঠ ১১০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলৰ অন্তত বংগ দলে ৬ টা স্বৰ্ণ, ৭টা ৰূপ ৬টা ব্ৰঞ্জৰ পদকৰে অগ্ৰগতি লাভ কৰিছে। ঘৰুৱা দল অসমে ৪ টা স্বৰ্ণ, ৩ টা ৰূপ আৰু ৩ ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় স্থানত আছে। পদক বিজয়ী খেলুৱৈসকলক ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ গুৱাহাটী কাৰ্যালয়ৰ উপ-সঞ্চালিকা অনন্যা শৰ্মা আৰু সৰ্ব ভাৰতীয় সাঁতোৰ সন্থাৰ উপসভাপতি তথা অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাস বঁটা প্ৰদান কৰে। কাইলৈ অন্তিম দিনা ১০ টা ইভেণ্টত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিৰ তৰফৰ পৰা জানিব দিছে। Share this:FacebookX Related Post navigation ১৯ জুলাইৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ’ব মহিলা এছিয়া কাপ টি-২০ চেম্পিয়নশ্বিপ পেৰিছ অলিম্পিকত পুনৰ স্বৰ্ণ পদক অৰ্জনৰ লক্ষ্য নীৰজ চোপ্ৰাৰ