ৰেল ষ্টেচনসমূহত যাত্ৰীসকলক চলন্ত ৰেলত উঠা বা নমাৰ পৰা বিৰত থাকিবলৈ বাৰে বাৰে সঁকীয়াই অহাৰ পাছতো একাংশৰ অসাৱধানতাই কেনেকৈ ভয়াৱহ বিপদ মাতি আনিব পাৰে, তাৰ এক শিহৰণকাৰী দৃশ্যই পোহৰলৈ আহিছে চেন্নাইৰ তাম্বৰম ষ্টেচনত। শনিবাৰে বীচ অভিমুখে যাবলগীয়া এখন চলন্ত ৰেলত উঠিবলৈ চেষ্টা কৰোঁতে এগৰাকী মহিলা যাত্ৰী হঠাতে পিছল খাই ৰেল আৰু প্লেটফৰ্মৰ মাজৰ ঠেক ফাঁকত সোমাই পৰিবলৈ ধৰে। চকুৰ পচাৰতে সংঘটিত হ’বলগীয়া এই নিশ্চিত মৃত্যুক একাংশ নিষ্ঠাবান কৰ্মচাৰীৰ উপস্থিত বুদ্ধি আৰু ক্ষিপ্ৰতাই প্ৰতিহত কৰি মানৱতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিলে।

ষ্টেচনত সংস্থাপিত চিচিটিভি কেমেৰাত আবদ্ধ হোৱা দৃশ্য অনুসৰি, মহিলাগৰাকী পিছল খাই পৰা দেখাৰ লগে লগে তাত কৰ্তব্যৰত টিকট পৰীক্ষক নীতিশ কুমাৰে নিজৰ জীৱন তুচ্ছ কৰি লৰি গৈ মহিলাগৰাকীক উদ্ধাৰ কৰে। নীতিশ কুমাৰৰ লগতে আন কেইবাগৰাকীও কৰ্মচাৰীয়ে লগে লগে তেওঁক সহায় কৰিবলৈ আগুৱাই আহে। দক্ষিণ ৰেলৱেৰ তৰফৰ পৰা এক্সযোগে এই ভিডিঅ’টো শ্বেয়াৰ কৰি নীতিশ কুমাৰৰ কৰ্তব্যনিষ্ঠাক উচ্চ প্ৰশংসা কৰা হৈছে। সময়মতে লোৱা এই পদক্ষেপৰ বাবেই এক শোকাৱহ দুৰ্ঘটনাৰ পৰা মহিলাগৰাকী ৰক্ষা পৰিবলৈ সক্ষম হয়।

বিগত সময়ছোৱাত সমগ্ৰ দেশৰে বিভিন্ন ষ্টেচনত এনে ধৰণৰ ঘটনা সঘনাই সংঘটিত হোৱা পৰিলক্ষিত হৈছে। যোৱা মাহত হায়দৰাবাদৰ কাচেগুড়া ষ্টেচনতো এজন আৰপিএফ জোৱানৰ সাহসিকতাৰ বাবে এজন যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিছিল। ৰেল কৰ্তৃপক্ষই পুনৰবাৰ যাত্ৰীসকলক চলন্ত ৰেলত উঠা-নমা নকৰিবলৈ আৰু নিজৰ নিৰাপত্তাৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনাইছে। বৰ্তমান ছ’চিয়েল মিডিয়াতো নীতিশ কুমাৰৰ এই সাহসিকতাক লৈ বহুতৰে মাজত প্ৰশংসাৰ জোৱাৰ উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *