গুৱাহাটীৰ  পাণ্ডুস্থিত ঐতিহাসিক পাণ্ডুনাথ দেৱালয় প্ৰাংগণত  বিগত বছৰৰ দৰে এইবেলিও শ্ৰীশ্ৰী পাণ্ডু গণেশ চতুৰ্থী উদযাপন সমিতিৰ উদ্যোগত  অহা ২৭ আগষ্টত   গণেশে চতুর্থী উদযাপনৰ আয়োজন কৰা হৈছে। পাণ্ডুনাথ দেৱালয় পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক নিমাই চন্দ্ৰ দাসে এটা বিবৃতি যোগে জানিবলৈ দিয়া মতে সিদিনা পুৱা ৯  বজাত গণেশ প্ৰভুৰ অভিষেকৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব।

তাৰ পাছত ১০ বজাত মহাআৰতি , দুপৰীয়া ১২.৩০  বজাত প্ৰসাদ আৰু ভোগ বিতৰণ, সন্ধিয়া ৫.৩০  বজাৰ  পৰা নাম – কীৰ্ত্তন অনুষ্ঠিত হব। আনহাতে গণেশ চতুৰ্থীৰ কাৰ্যসূচী সুচাৰুভাবে সম্পন্ন কৰিবলৈ  পদম সেঠিয়াক সভাপতি ,   পংকজ আগৰৱালা আৰু  কিশোৰ লাল সিংহীক  কাৰ্যকৰী সভাপতি ,শ্যাম বলি ৰায়ক সচিব , কমল সিং গোলছাক  কাৰ্যকৰী সচিব আৰু  অমিত বিয়ালাক বিত্ত সম্পাদক হিচাপে লৈ শ্ৰী শ্ৰী গণেশ চতুৰ্থী উদযাপন সমিতিখন গঠন কৰা হৈছে।

উদযাপন সমিতিৰ হৈ পাণ্ডুনষ্ঠ দেৱালয় পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক নিমাই চন্দ্ৰ দাসে এটা বিবৃতিত সিদিনাৰ গনেশ চতুৰ্থীৰ সমূহ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *