গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ পাণ্ডু সদিলাপুৰস্থিত বাবা শিৱ মন্দিৰ প্ৰাংগণত ৭,৮ আৰু ৯ মাৰ্চত তিনিদিনীয়াকৈ শ্রী শ্রী মহাৰুদ্র যজ্ঞ অনুষ্ঠিত হয়। ৯ মাৰ্চত সামৰণিৰ দিনা যজ্ঞৰ পূর্ণাহুতি প্রদানৰ পিছতে বিয়লি এখন ধর্মালোচনী সভা অনুষ্ঠিত হয়। সভাত যজ্ঞৰ লগত সংগতি ৰাখি প্রকাশ কৰা দুখন গ্রন্থ ক্ৰমে – “ৰুদ্ৰাক্ষ” আৰু ” পাণ্ডু সদিলাপুৰৰ ৰূপৰেখা উন্মোচন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে বিনয় কৃষ্ণ ঠাকুৰীয়াই আৰু উদ্দেশ্যে ব্যাখ্যা কৰে মুখ্য সম্পাদক হৃষিকেশ দাসে। সভাত হিন্দু ধৰ্ম আৰু যজ্ঞৰ ওপৰত সুন্দৰ ব্যাখ্যা কৰে শিক্ষাবিদ পদুম শর্মাই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাগ লৈ “পাণ্ডু সদিলাপুৰৰ ৰূপৰেখা” গ্ৰন্থখন উন্মোচন কৰে সাহিত্য সমালোচক , অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ প্ৰাক্তন মুখ্য অভিযন্তা প্রমোদ চন্দ্ৰ দাসে। যজ্ঞৰ স্মৰণিকা “ৰুদ্ৰাক্ষ” উন্মোচন কৰে অসমৰ মূখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে । সন্ধিয়া বন্তি প্ৰজ্বলনৰে যজ্ঞৰ সামৰণি পৰে। Share this:FacebookX Related Post navigation গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৩২,৫০০ টকাৰ জৰিমণা সংগ্ৰহ