ৰক্তাক্ত সংঘৰ্ষই দেওবাৰে কঁপাই গ’ল পাকিস্তানৰ বন্দৰ চহৰ কৰাচী। ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰু আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুত ক্ষোভিত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে আমেৰিকাৰ দূতাবাস দখল কৰিবলৈ চলোৱা চেষ্টাক কেন্দ্ৰ কৰিয়েই এই ৰণক্ষেত্ৰৰ সৃষ্টি হয়। আৰক্ষীৰ গুলীচালনা আৰু কন্দুৱা গেছৰ প্ৰকোপত ১০ জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। অসামৰিক চিকিৎসালয়ৰ মুখপাত্ৰ ডাঃ সুমাইয়া চৈয়দে জনোৱা মতে, হাস্পতাললৈ অনা ১০ টা মৃতদেহৰ গাত গুলীৰ আঘাত স্পষ্ট হৈ আছে। ইয়াৰ উপৰি চিকিৎসালয়খনৰ ট্ৰমা চেন্টাৰত বৰ্তমান চাৰিজন আৰক্ষীকে ধৰি প্ৰায় ৩০ জন আহত লোক চিকিৎসাধীন হৈ আছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী বিষয়া এছ এছ পি আছাদ ৰেজা কয়, “উত্তপ্ত জনতাই আৰক্ষীক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰাৰ পাছত আমি কন্দুৱা গেছ আৰু ৰবৰৰ গুলী ব্যৱহাৰ কৰিবলৈ বাধ্য হওঁ।” অৱশ্যে প্ৰতিবাদকাৰীসকলে অভিযোগ কৰিছে যে আৰক্ষীয়ে তেওঁলোকৰ ওপৰত পোনপটীয়াকৈ গুলীচালনা কৰিছে। সিন্ধ প্ৰদেশৰ গৃহমন্ত্ৰী জিয়াউল হাছান লাংগাৰে এই সমগ্ৰ ঘটনাৰ এক ন্যায়িক তদন্তৰ নিৰ্দেশ দি জনায় যে আইন হাতত তুলি ল’বলৈ কাকো অনুমতি দিয়া নহ’ব আৰু প্ৰতিবাদকাৰীসকলে দূতাবাসৰ নিৰাপত্তা বেহু ভাঙিবলৈ চেষ্টা কৰাৰ বাবেহে আৰক্ষীয়ে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে। অৱশ্যে দূতাবাসৰ পহৰাত থকা আমেৰিকান মেৰিনৰ গুলীত প্ৰতিবাদকাৰী নিহত হোৱা বুলি ওলোৱা খবৰ তেওঁ অস্বীকাৰ কৰে। মা্ই কোলাচী পথত অৱস্থিত আমেৰিকাৰ দূতাবাসৰ চাৰিওফালে বৰ্তমান নিৰাপত্তা ব্যৱস্থা অভেদ্য কৰি তোলা হৈছে। ইফালে ইছলামবাদত থকা আমেৰিকান দূতাবাসে পাকিস্তানত থকা তেওঁলোকৰ নাগৰিকসকলক সতৰ্ক কৰি দিছে। কৰাচীৰ লগতে লাহোৰ আৰু ইছলামবাদতো প্ৰতিবাদৰ দাবানল বিয়পি পৰিছে। ইছলামবাদৰ ৰেড জ’ন সম্পূৰ্ণৰূপে চীল কৰি ১৪৪ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে। ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুৰ মৃত্যুক লৈ শিয়া সংগঠনসমূহৰ এই তীব্ৰ প্ৰতিবাদে এতিয়া পাকিস্তানৰ আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থালৈ এক চৰম প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। Share this:FacebookX Related Post navigation মৰিগাঁৱত বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ