পাকিস্তানৰ কু-কাণ্ড পোহৰলৈ। দেশখনৰ চোৰাংচোৱা সংস্থা ISI য়ে এইবাৰ ভাৰতীয় কিশোৰক লক্ষ্য কৰি লৈছে। শেহতীয়াকৈ আৰক্ষীয়ে এজন কিশোৰক গ্ৰেপ্তাৰ কৰিছে যিয়ে পাকিস্তানক বহু গোপন তথ্য প্ৰদান কৰি আহিছে।শেহতীয়াকৈ পঞ্জাৱৰ পঠানকোটৰ পৰা আৰক্ষীয়ে স্পৰ্শকাতৰ সামৰিক এলেকাত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত এজন ১৫ বছৰীয়া কিশোৰক গ্ৰেপ্তাৰ কৰিছে। তেওঁক ইতিমধ্যে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ মতে, কিশোৰজনে দীৰ্ঘদিন ধৰি পাকিস্তানক ভাৰতৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰি আহিছে। এই সমগ্ৰ দিশ সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। Share this:FacebookX Related Post navigation পুনৰ ৰাজ্যত বাঢ়িব শীত বাংলাদেশত বৃদ্ধি পাইছে হিন্দুৰ ওপৰত অত্যাচাৰ