ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ বিৰতি ঘোষণা হোৱাৰ পাছতে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে এক ডাঙৰ ঘোষণা কৰিছে। উল্লেখ্য যে, বি এল এ দশক দশক ধৰি স্বাধীন বেলুচিস্তানৰ দাবী জনাই আহিছে।ভাৰতৰ সৈতে যুদ্ধবিৰতিৰ পাছতে বেলুচ আৰ্মীয়ে পাকিস্তানৰ বিৰুদ্ধে ডাঙৰ ঘোষণা কৰিছে। বেলুচিস্তানৰ যোদ্ধাসকলে কয় যে, আগ্নেয়গিৰিৰ ওপৰত বহি থকা এখন দেশ পাকিস্তান, যাক আমি ধ্বংস কৰিম। ইয়াৰোপৰি বেলুচ আৰ্মীয়ে পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ পৰা সহায় বিচাৰেছে। তেওঁলোকে কয়, যদি বিএলএই ভাৰতৰ পৰা ৰাজনৈতিক, কূটনৈতিক আৰু প্ৰতিৰক্ষামূলক সমৰ্থন পায় তেন্তে সন্ত্ৰাসবাদৰ মালিক পাকিস্তানক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব।বেলুচ আৰ্মীয়ে পৃথিৱীৰ অন্য দেশৰ পৰাও সহায়ৰ আহ্বান কৰে। তেওঁলোকে কয় যে, যদি সময়ৰ পূৰ্বে পাকিস্তানক ধ্বংস কৰা নহয় তেন্তে এই দেশখন বিশ্বৰ বাবে সংকটজনক হৈ পৰিব। Share this:FacebookX Related Post navigation উন্নত বৈশিষ্ট্য আৰু নমনীয়তাৰে ইভিৰ মালিকীস্বত্বত বৈপ্লৱিক পৰিৱৰ্তন আনিছে এম জি উইণ্ডচৰ প্ৰ’ই গুজৰত ট্ৰেইলব্লেজাৰ্ছৰ দ্বাৰা ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ চিজন ২