এটাৰ পিছত আনটো বিপৰ্যয়ে লগ নেৰা হৈছে পাকিস্তানক ৷ বুধবাৰে সন্ধিয়া এক ভূমিকম্পই জোকাৰি যায় দেশখনক ৷কেইবাটাও সমস্যাৰে ভাৰাক্ৰান্ত পাকিস্তানত প্ৰকৃতিৰ লীলা প্ৰদৰ্শন ৷ শেহতীয়াকৈ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা সংবাদ শীৰ্ষত থকা পাকিস্তানৰ ওপৰত ভাৰত চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ লৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷সিন্ধু জল চুক্তি বাতিল, পাকিস্তানী নাগৰিকৰ ভিছা বাতিল, আটাৰী-ৱাঘা সীমান্ত বন্ধকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আছিল ইয়াৰ অন্তৰ্গত ৷ ৰাজনৈতিভাৱে হওক বা আন আন দিশতে হওক, আঁতৰা নাই পাকিস্তানৰ বিপদ ৷বুধবাৰে নিশা দেশখনত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি ৷ ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৪ ৷ ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে এই তথ্য ৷ Share this:FacebookX Related Post navigation কেঁচা পিয়াঁজৰ উপকাৰী গুণৰ বিষয়ে জানেনে চিএমএফ বাই নথিং-য়ে চিএমএফ ফোন ২ প্ৰ’ আৰু বাডচ ২ চিৰিজ উন্মোচন কৰে