পাকিস্তানৰ সামৰিক শিবিৰত আত্মঘাতী আক্ৰমণত ১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০ জন লোক আহত হৈছে । মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ৷পাকিস্তানৰ বান্নুত মঙলবাৰে দুখন বিস্ফোৰক ভৰ্তি বাহনে মূল কেণ্টনমেণ্টৰ সীমা দেৱালত খুন্দা মৰাৰ ফলত চাৰিটা শিশুসহ কমেও ১২ জন লোক নিহত হোৱাৰ লগতে ৩০ জন আহত হয় । এই সময়ছোৱাত সেনা জোৱানে কমেও ছয়জন উগ্ৰপন্থীক হত্যা কৰিছিল ।জানিব পৰা মতে বান্নু কেণ্টনমেণ্টত সংঘটিত আত্মঘাতী বিস্ফোৰণত ১২ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ৩০ জন আহত হৈছে ৷ তেওঁ লগতে কয় যে নিহতসকলৰ ভিতৰত চাৰিটা শিশু আৰু দুগৰাকী মহিলাও আছে ।উল্লেখযোগ্য যে আটাইকেইজন আহতক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলিও সূত্ৰই জানিবলৈ দিয়ে ।নিৰাপত্তাৰক্ষীৰ সূত্ৰই জনোৱা মতে, সকলো সন্ত্ৰাসবাদী নিৰ্মূল নোহোৱালৈকে অভিযান অব্যাহত থাকিব । Share this:FacebookX Related Post navigation নতুন নিছান মেগনাইট ৫০,০০০ একক ৰপ্তানি বিক্ৰী মাইলৰ খুঁটি প্ৰাপ্ত কৰিছে ব্ল্যাক, মৰ্নিং মিষ্ট আৰু মুনষ্টোন গ্ৰে, ₹৪৯,৯৯০ ৰ পৰা আৰম্ভ কৰি হাইয়াৰে ষ্টাইলিছ কিনৌচি এচিএছ উন্মোচন কৰে