আমেৰিকাৰ প্ৰতি সুৰ সলনি হৈছে পাকিস্তানৰ। গাজা শান্তি আলোচনাৰ ওপৰত আমেৰিকাক সমৰ্থন নকৰে বুলি কয় পাকিস্তানে। দেশখনৰ এই সিদ্ধান্তৰ পাছতে এতিয়া বহু প্ৰশ্নৰ উত্থাপন হৈছে।বৈদেশিক মন্ত্ৰী ইছহাক দাৰে মঙলবাৰে কয় যে, এই পৰিকল্পনা ৮ খন মুছলিম দেশে দাখিল কৰা প্ৰস্তাৱৰ পৰা পৃথক। তেওঁৰ মতে, ট্ৰাম্পৰ পৰিকল্পনাত যুদ্ধবিৰতি, মানৱীয় সাহায্য প্ৰদান, বলপূৰ্বক স্থানচ্যুতিৰ অন্ত পেলোৱা আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ কথা অন্তৰ্ভুক্ত কৰা হোৱা নাই। যাৰ বাবে এই চুক্তিত পাকিস্তানে সমৰ্থন নকৰে।উল্লেখ্য যে, ২৯ ছেপ্টেম্বৰত হোৱাইট হাউচত সংবাদমেল সম্বোধন কৰি এই শান্তি পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল ট্ৰাম্পে। সেই সময়ত তেওঁ দাবী কৰিছিল যে,পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু অসীম মুনিৰে এই পৰিকল্পনাত ১০০ শতাংশ সমৰ্থন আগবঢ়াইছে। কিন্তু হোৱাইট হাউচৰ পৰিকল্পনাৰ সবিশেষ পোহৰলৈ অহাৰ পাছতে পাকিস্তানত উদ্বেগৰ সৃষ্টি হয় আৰু দেশখনে নিজকে ইয়াৰ পৰা আঁতৰাই ৰাখে।উল্লেখ্য যে, গাজাৰ ওপৰত ট্ৰাম্পৰ পৰিকল্পনাক বহু পাকিস্তানীয়ে সমালোচনা কৰিছিল। টাইমছ অৱ ইজৰাইলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ট্ৰাম্পৰ সৈতে হোৱা বৈঠকত নেতানিয়াহুৱে চুক্তিখনৰ কিছু পৰিৱৰ্তন কৰিছিল। এই সংশোধনীসমূহৰ অধীনত গাজাৰ পৰা ইজৰাইলৰ সেনাবাহিনীৰ প্ৰত্যাহাৰৰ ক্ষেত্ৰত এতিয়া বিশেষ চৰ্ত থাকিব। পিছত নিৰাপত্তা মণ্ডল গঠনৰ প্ৰস্তাৱো সংযোজন কৰা হয়।এনে ক্ষেত্ৰত পাকিস্তানে কয় যে, নেতানিয়াহুৰ হস্তক্ষেপৰ পিছত আমেৰিকাৰ পৰিকল্পনা সংশোধন কৰি চৰ্ত সংযোজন কৰা হৈছে। ইয়াৰ অধীনত হামাছৰ আত্মসমৰ্পণৰ চৰ্ত ইজৰাইলৰ প্ৰত্যাহাৰৰ ওপৰত নিৰ্ভৰশীল। তেওঁ আৰু কয় যে, “মই স্পষ্টকৈ ক’ব বিচাৰো যে পাকিস্তান কোনো চুক্তিৰ অংশ হ’ব নোৱাৰে। Share this:FacebookX Related Post navigation টীয়কত ভয়ংকৰ দুৰ্ঘটনাতপতিত ভগামুখ আৰক্ষীৰ বাহন পুনৰ বহু ৰেকৰ্ড গঢ়িলে বৈভৱ সূৰ্যবংশীয়ে