বিধানসভা নিৰ্বাচনৰ সমীকৰণ আসন ভাগ-বাটোৱাৰাক লৈ বিপৰ্যস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিপদত পৰিছে বিজেপি বিৰোধী মিত্ৰজোঁটৰ ভৱিষ্যত। ৰাজ্যত নিৰ্বাচনলৈ মাত্ৰ ডেৰমাহ বাকী থকা অৱস্থাত কংগ্ৰেছৰ একপক্ষীয় নীতিয়ে মিত্ৰজোঁটটোৰ ভিতৰচৰাত এক তীব্ৰ বিদ্ৰোহৰ সূচনা কৰিছে। বিশেষকৈ কংগ্ৰেছৰ স্থিতিত অতিষ্ঠ হৈ এতিয়া ৰাইজৰ দল আৰু অজাপে মিত্ৰতা ভংগ কৰি ‘একলা চল’ নীতি গ্ৰহণৰ চৰম হুংকাৰ দিছে।

শনিবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক জৰুৰী নিৰ্বাচনী বৈঠকত কংগ্ৰেছৰ সৈতে চলি থকা মিত্ৰতাৰ বিষয়টোৱে চৰ্চা লাভ কৰে। সদ্যহতে দলটোত যোগদান কৰা দুই বিধায়ক শ্বেৰমান আলী আৰু আব্দুল ৰছিদ মণ্ডলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত আসন কেন্দ্ৰিক সংঘাতক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত বিষ্ফোৰক মন্তব্য কৰে সভাপতি অখিল গগৈয়ে।

কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰি অখিল গগৈয়ে স্পষ্টকৈ কয়, “আমাৰ ধৈৰ্যৰ বান্ধ ছিঙি গৈছে। আমাক জিকিব পৰা আসন দিয়ক। আমি বিচৰা ১৫ খন আসনৰ মাত্ৰ ৪ খনহে আমাক দিব বিচাৰিছে কংগ্ৰেছে। উজনিৰ আসনত আমাক বাধা দি থাকিলে সমস্যা হ’ব।” গগৈয়ে লগতে সকীয়াই দিয়ে যে যদি কংগ্ৰেছে নিজৰ স্থিতিত অটল থাকে, তেন্তে ৰাইজৰ দলে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *