মুছলমান ধৰ্মাৱলম্বী লোকক লক্ষ্য কৰি অসম বিজেপিৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত প্ৰকাশ কৰা এটা আপত্তিজনক ভিডিঅ’ক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এ আই এম আই এমৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন ওৱেইচীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে। ওৱেইচীৰ মতে, অসম বিজেপিৰ ছ’চিয়েল মিডিয়া হেণ্ডেলে শ্বেয়াৰ কৰা উক্ত ভিডিঅ’টোত মুছলমানসকলক বিৰূপ ধৰণে চিত্ৰিত কৰা হৈছে, যিটো গণতান্ত্ৰিক সমাজত কেতিয়াও গ্ৰহণযোগ্য নহয়।

এই বিতৰ্কিত ভিডিঅ’টোৱে ধৰ্মীয় বিদ্বেষ বিয়পাইছে বুলি অভিযোগ উত্থাপন কৰি ওৱেইচীয় কয়, “আমি মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিম।” উল্লেখযোগ্য যে বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পাছতে ভিডিঅ’টো ছচিয়েল মিডিয়াৰ পৰা আঁতৰাই দিয়া হৈছে যদিও এতিয়াও বিভিন্ন প্লেটফৰ্মত ই বিয়পি পৰা পৰিলক্ষিত হৈছে। ওৱেইচীয় ইয়াক এক “গভীৰ আপত্তিজনক” কাৰ্য বুলি অভিহিত কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ আইনী যুঁজ দিয়াৰ ঘোষণা কৰে।

ইফালে, ওৱেইচীৰ এই হুংকাৰক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ তেনে কোনো ভিডিঅ’ৰ বিষয়ে অৱগত নহয়। গ্ৰেপ্তাৰ হোৱাৰ প্ৰসংগত তেওঁৰ স্পষ্ট মত, “যদি তেওঁ মোৰ বিৰুদ্ধে গোচৰ দিছে, তেন্তে মোক গ্ৰেপ্তাৰ কৰক। মোৰ একো আপত্তি নাই। মই জেললৈ যাবলৈও সাজু আছো।” অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ৰাজনৈতিক স্থিতি পুনৰ দোহাৰি কয় যে তেওঁ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সদায় সৰৱ হৈ থাকিব। তেওঁ স্পষ্টকৈ কয়, “মই বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আৰু আগলৈও বিৰোধিতা কৰি যাম।”

Leave a Reply

Your email address will not be published. Required fields are marked *