ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ (এফটিআইআই) শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰা এখন চুটি ছবি ” চানফ্লাৱাৰ ৱাৰ দ্য ফাৰ্ষ্ট ৱান্স টু নো”, অস্কাৰ ২০২৫-ৰ বাবে লাইভ একচন শ্বৰ্ট ফিল্ম শ্ৰেণীত নিৰ্বাচিত হৈছে। পুনেস্থিত এফটিআইআইয়ে এই তথ্য প্ৰদান কৰে। চলচ্চিত্ৰখনে এই বছৰৰ মে’ মাহত অনুষ্ঠিত কান চলচ্চিত্ৰ মহোৎসৱত লা চিনেফে শাখাৰ অধীনত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। প্ৰেছ ইনফৰ্মেচন ব্যুৰো (পিআইবি)ৰ দ্বাৰা জাৰী কৰা এক বিজ্ঞপ্তি অনুসৰি ছবিখন পৰিচালনা কৰিছে চিদানন্দ এছ নাইকে, সুৰজ ঠাকুৰৰ চিনেমাটোগ্ৰাফী, মনোজ ভি.-ৰ সম্পাদনা আৰু অভিষেক কদমে কণ্ঠ দান কৰিছে। Share this:FacebookX Related Post navigation টাইপাৰ ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বঁটা ঘোষণা উচ্চতম ন্যায়ালয়ৰ নতুন বিচাৰপীঠে শুনানী গ্ৰহণ কৰিব আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ গোচৰ