অনলাইন জুৱা সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ গোচৰত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে উত্তৰ প্ৰদেশৰ উন্নাওৰ জনপ্ৰিয় ইউটিউবাৰ অনুৰাগ দ্বিবেদীৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলায়। শুকুৰবাৰে ইউটিউবাৰগৰাকীৰ নৱাবগঞ্জৰ বাসভৱনৰ লগতে লক্ষ্ণৌ আৰু উন্নাওৰ ৯ টা স্থানত চলি থকা এই অভিযানত ইডিয়ে প্ৰভুত পৰিমাণৰ সা-সম্পত্তি জব্দ কৰে। এই অভিযানৰ সময়ত ৪.১৮ কোটি টকা মূল্যৰ বিলাসী লেম্বৰঘিনি উৰুছ বাহনৰ লগতে এখন মাৰ্চিডিজ, এখন ফ’ৰ্ড এণ্ড’ভাৰ আৰু এখন মহিন্দ্ৰ থাৰ জব্দ কৰা হয়। ধনৰ অবৈধ লেনদেন প্ৰতিৰোধ আইনৰ অধীনত ইডিয়ে বৰ্তমান এই সমগ্ৰ কেলেংকাৰীৰ তদন্ত চলাই আছে। এই বৃহৎ কেলেংকাৰীৰ আৰম্ভণি হৈছিল পশ্চিম বংগৰ শিলিগুৰিত, য’ত চনু কুমাৰ ঠাকুৰ আৰু বিশাল ভৰদ্বাজসহ কেইবাজনো লোকে বেআইনীভাৱে অনলাইন জুৱা চক্ৰ চলাই থকাৰ অভিযোগ উত্থাপন হৈছিল। আৰক্ষীৰ তদন্তত ইউটিউবাৰ অনুৰাগ দ্বিবেদীও এই সমগ্ৰ চক্ৰটোৰ সৈতে ওতপ্ৰোতভাৱে জড়িত থকাৰ তথ্য পোহৰলৈ আহে। কেলেংকাৰীৰ বাতৰি বিয়পি পৰাৰ লগে লগে দ্বিবেদীয়ে ভাৰতৰ পৰা পলায়ন কৰে আৰু ইডিৰ তথ্য অনুসৰি তেওঁ বৰ্তমান ডুবাইত আশ্ৰয় লৈ আছে। এই অভিযানে অনলাইন জুৱাৰ নামত চলি থকা ক’লা ধনৰ এক বৃহৎ সাম্ৰাজ্যৰ মুখা খোল খুৱাইছে। Share this:FacebookX Related Post navigation বাংলাদেশত হিন্দু যুৱকক মৰিয়াই হত্যা! ভাৰত চৰকাৰলৈ বিশেষ আহ্বান প্ৰিয়ংকা গান্ধীৰ অভিনয়ৰ সুযোগ দিয়াৰ নামত যুৱতীক প্ৰৱঞ্চনা! গুৱাহাটীত গ্ৰেপ্তাৰ লম্পট ৰোহিত দাস ওৰফে ইমৰান সৰকাৰ