পৰিয়ালৰ সদস্যক প্ৰৱঞ্চনামূলক কল আৰু অবাঞ্চিত নম্বৰৰ পৰা সুৰক্ষিত ৰখাৰ বাবে ট্ৰুকলাৰে মুকলি কৰিছে ফেমিলী প্ৰটেকচন(পৰিয়াল সুৰক্ষা) নামৰ এক নতুন ফিচাৰ(বৈশিষ্ট্য)। এই বৈশিষ্ট্যই ট্ৰুকলাৰ এপত পাঁচজনলৈকে বিশ্বাসযোগ্য গোটত যোগদানৰ সুবিধা প্ৰদান কৰে, য’ত এজন পৰিয়াল প্ৰশাসকে সুৰক্ষা ছেটিংছ পৰিচালনা কৰিব পাৰে, সন্দেহজনক কলসমূহ ব্লক কৰিব পাৰে আৰু কম প্ৰযুক্তি দক্ষ সদস্যসকলক অজ্ঞাত নম্বৰৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব পাৰে। এণ্ড্ৰইডত আনকি সম্ভাৱ্য প্ৰৱঞ্চনামূলক ফোনকলৰ সময়ত ফেমিলি এডমিনে বাস্তৱ সময়ৰ সতৰ্কবাণী লাভ কৰিব পাৰে আৰু প্ৰয়োজন হ’লে কলটো দূৰৈৰ পৰা বিচ্ছিন্ন কৰিব পাৰে। এই বৈশিষ্ট্যই পৰিয়ালসমূহক বেটাৰীৰ স্তৰ আৰু ফোন কাৰ্য-কলাপকে ধৰি ডিভাইচৰ অৱস্থাও নিৰীক্ষণ কৰিবলৈ অনুমতি দিয়ে, যিয়ে প্ৰয়োজনৰ সময়ত সহায় আগবঢ়োৱাত সহায় কৰে। গুৱাহাটীৰ আৰক্ষী বিষয়া আৰু ডিজিটেল সুৰক্ষাৰ অগ্ৰদূতসকলে কয় যে এনে প্ৰযুক্তি উত্তৰ-পূবত উপযোগী হ’ব পাৰে, য’ত শেহতীয়া বছৰবোৰত প্ৰৱঞ্চনামূলক কল আৰু ছদ্মৱেশৰ ৰূপ ধাৰণ কৰি জালিয়াতিৰ প্ৰচেষ্টা বৃদ্ধি পাইছে। বাসিন্দাসকল, বিশেষকৈ জ্যেষ্ঠ নাগৰিকসকলক প্ৰায়ে বেংক বিষয়া বা লটাৰী এজেণ্ট হিচাপে অভিনয় কৰা প্ৰতাৰকসকলে লক্ষ্য কৰি লয়। ট্ৰুকলাৰে কয় যে, এই বৈশিষ্ট্যটো প্ৰথমে ছুইডেন, চিলি, মালয়েছিয়া আৰু কেনিয়াত মুকলি কৰা হ’ব, ভাৰতে ২০২৬ চনৰ আৰম্ভণিতে ইয়াক গ্ৰহণ কৰাৰ কথা আছে। কোম্পানীটোৱে বিশ্বাস কৰে যে পৰিয়ালৰ সুৰক্ষাই এক বিস্তৃত যোগাযোগ সুৰক্ষা পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ বাবে নিজৰ দীৰ্ঘম্যাদী পৰিকল্পনাক সমৰ্থন কৰিব। Share this:FacebookX Related Post navigation পুনৰ বৃদ্ধি পাব পাৰে ৰিচাৰ্জৰ মূল্য গোড্ৰেজ গ্ৰুপে ১৫০ কোটি টকাৰ ডেইৰী ইউনিটৰ পৰিকল্পনা কৰাৰ সময়তে তেলেংগানাত ১০ হাজাৰ কোটি টকাৰো অধিক বিনিয়োগ কৰিব