আজি বুধবাৰে উত্তৰ গুৱাহাটীৰ জিএনআৰচি মেডিকেল চৌহদত হাস্পতালখনৰ ত্ৰয়োদশ প্রতিষ্ঠা দিৱস পালন কৰা হয়। যোৱা ১২ বছৰ ধৰি হাস্পতালখনে ৰাইজলৈ উচ্চমানৰ চিকিৎসা সেৱা আগবঢ়াই আহিছে। আজিৰ এই অনুষ্ঠানত কামৰূপ জিলাৰ আয়ুক্ত শ্ৰীযুত দেৱ কুমাৰ মিশ্ৰ ডাঙৰীয়া মুখ্য অতিথিৰূপে উপস্থিত থাকে। হাস্পতালখনৰ ত্ৰয়োদশ প্রতিষ্ঠা দিৱসৰ উপলক্ষত শ্রীযুত মিশ্রই জিএনআৰচি কার্ডিয়েক ছাইঞ্চেজ চেণ্টাৰ আৰু জিএনআৰচি কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰে।  হৃদৰোগ আৰু কেঞ্চাৰ বা কৰ্কট ৰোগ আমাৰ সমাজৰ বাবে এক ভয়াবহ স্বাস্থ্য-সমস্যা হিচাপে মূৰ দাঙি উঠিছে।

প্রতি বছৰে এক বুজন সংখ্যক লোক ইয়াৰ ফলত মৃত্যু মুখত পৰে বা দীঘলীয়া চিকিৎসা প্রক্ৰিয়াৰ মাজত সোমাই পৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এক বৃহৎ সংখ্যক হৃদৰোগী আৰু কেঞ্চাৰ ৰোগী উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যাবলগীয়া হয়। জিএনআৰচি উত্তৰ গুৱাহাটীত আজি প্রতিষ্ঠা কৰা কেন্দ্ৰ দুটাই ৰাইজক বাহিৰলৈ নগৈ নিজ ঠাইতে উন্নত মানৰ চিকিৎসা সেৱা পোৱাটো সহজ কৰি তুলিব। শিশু সকলক সামৰি সকলো বয়সৰ হৃদৰোগী সকলৰ সহায় হোৱাকৈ দুশ খন বিছনাৰে কার্ডিয়েক চেণ্টাৰটো গঢ়ি তোলাৰ আঁচনি লোৱা হৈছে। বর্তমান হৃদয়ৰ এঞ্জিঅ’গ্ৰাফী, পেছমেকাৰ, এঞ্জিঅ’প্লাষ্টী ইত্যাদি নিয়মীয়াকৈ হাস্পতালখনত সম্পন্ন হয়।

কিন্তু কার্ডিয়েক চেণ্টাৰটো কার্যক্ষম হৈ উঠাৰ পাছত হার্ট ছাৰ্জৰীকে ধৰি অন্য বহুতো জটিল হৃদৰোগৰ সমস্যা ইয়াত চিকিৎসা কৰিব পৰা যাব। উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তিগত খণ্ডৰ হাস্পতাল সমূহৰ ভিতৰত একমাত্র জিএনআৰচিত প্রথম বাৰৰ বাবে বাইপ্লেন এঞ্জিঅ’গ্ৰাফীৰ ব্যৱস্থা কৰা হৈছে। সাধাৰণ এঞ্জিঅ’গ্রাফীতকৈ বাইপ্লেন এঞ্জিঅ’গ্রাফী প্রক্রিয়াটো বেছি দ্রুত, অধিক নিখুঁত আৰু কম বিকিৰণৰ সন্মুখীন হয়। হৃদৰোগৰ জটিল সমস্যাবোৰৰ চিকিৎসাত এই বাইপ্লেন ছাৰ্জাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *