অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত অনুষ্ঠিত হব বাগৰুম্বা নৃত্য। মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰা হব বড়ো জনগোষ্ঠীৰ নৃত্য এই বাগৰুম্বা। ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব এই বাগৰুম্বা। সেই উপলক্ষে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া উপস্থিত হৈ পৰ্যবেক্ষণ কৰে সৰুসজাই ষ্টেডিয়াম। সৰুসজাই ষ্টেডিয়াম খন পৰ্যবেক্ষণ কৰি মন্ত্ৰী বিমল বৰাই কয় যে “বিহু আৰু ঝুমুইৰ দৰে এইবাৰ অসমৰ আন এক আদিম নৃত্য বাগৰুম্বাক বিশ্ব সন্মুখত তুলি ধৰাৰ বাবে প্ৰয়াস কৰা হৈছে। অহা ১৭ জানুৱাৰী শিল্পী দিবসৰ দিনটোত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ উপস্থিতিত অনুষ্ঠিত কৰা হ’ব এই বাগৰুম্বা নৃত্য। এই অনুষ্ঠানটোত ২৩ খন জিলাৰ ১০ হাজাৰতকৈ অধিক শিল্পীয়ে অংশ ল’ব। Share this:FacebookX Related Post navigation গুৱাহাটী-কলকাতাৰ মাজত চলিব বন্দে ভাৰত সুখদায়ক নহ’ল নৱবৰ্ষৰ আদৰণি! বনভোজলৈ গৈ কৰুণ মৃত্যু প্ৰজ্ঞাশ্ৰীৰ