জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত কেন্দ্ৰীয় শাসিত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰা হৈছে। এনচিপিৰ সভাপতি ওমৰ আব্দুল্লাই বুধবাৰে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত (এছকেআইচিচি) পুৱা ১১.৩০ বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। ইণ্ডিয়া এলায়েন্সৰ বহুনেতাই এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে।

ইয়াৰ ভিতৰত আছে মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, কেচি বেণুগোপাল, সুপ্ৰিয়া চুলে, সুখবীৰ সিং বাদল ইত্যাদি। সোমবাৰে জম্মু-কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰা হয়, যাৰ ফলত কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰথম চৰকাৰ গঠনৰ পথ প্ৰশস্ত হয়। জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই ওমৰ আব্দুল্লাৰ সৈতে তেওঁৰ মন্ত্ৰীসভাৰ সহকৰ্মীসকলক শপত গ্ৰহণ কৰোৱায়।

কংগ্ৰেছ-নেচনেল কনফাৰেন্স মিত্ৰজোঁটে প্ৰায় ১০ বছৰৰ পিছত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে। ৰাজ্যখনৰ ৯০ খন আসনৰ ভিতৰত নেচনেল কনফাৰেন্সে ৪২ খন আৰু কংগ্ৰেছে ৬খন আসন লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *