উত্তৰ-পূৰ্বাঞ্চলত খাদ্যনলীৰ কৰ্কট ৰোগৰ ক্ৰমবৰ্ধমান প্ৰাদুৰ্ভাৱে উন্নত চিকিৎসা প্ৰযুক্তিৰ চাহিদা আৰু বিশেষ স্বাস্থ্যসেৱাত বিনিয়োগৰ বাবে ইন্ধন যোগাইছে। আইচিএমআৰৰ এক শেহতীয়া প্ৰতিবেদনত ব্যাপক ধঁপাত ব্যৱহাৰক এই বৰ্ধিত প্ৰৱণতাৰ আঁৰৰ অন্যতম কাৰণ ৰূপে চিহ্নিত কৰা হৈছে। ধঁপাত সেৱনৰ ৰাষ্ট্ৰীয় গড় হৈছে ২৯%ৰ বিপৰীতে উত্তৰ-পূবৰ ৪৮.২%তকৈ অধিক প্ৰাপ্তবয়স্ক লোকে ধঁপাত সেৱন কৰে। অসমতো খাদ্যনলীৰ কৰ্কট ৰোগীৰ হাৰ উদ্বেগজনকভাৱে বাঢ়িছে, ডিব্ৰুগড়ত সৰ্বাধিক ১৫.৭% (৫৪ জন পুৰুষৰ ভিতৰত ১ জন), কামৰূপ মহানগৰ জিলাত ১৪.৩% (২৭ জন পুৰুষৰ ভিতৰত ১ জন) আৰু কাছাৰ জিলাত ১১.৬% (৫৩ জন পুৰুষৰ ১ জন) লোক আক্ৰান্ত হৈছে। উচ্চমানৰ চিকিৎসা সা-সুবিধাৰ সীমিত উপলব্ধতাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলে প্ৰায়ে দেশৰ অন্য প্ৰান্তত চিকিৎসাৰ বাবে যাবলগীয়া হয়।


আগশাৰীৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ সুৰেন্দ্ৰ কুমাৰ ডাবাছ আৰু ডাঃ বিক্ৰম কুমাৰ ডেকাকে ধৰি ৰবট-সহায়ক অস্ত্ৰোপচাৰত বিনিয়োগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মেক্স হাস্পতালৰ পৰামৰ্শদাতা – চাৰ্জিকেল অংক’লজী এণ্ড ৰবটিক চাৰ্জাৰী ডাঃ বিক্ৰম কুমাৰ ডেকাই চিকিৎসা আন্তঃগাঁথনিৰ ব্যৱধানৰ ওপৰত আলোকপাত কৰে। ডাঃ ডেকাই লক্ষ্য কৰে যে, “পিইটি স্কেনৰ দৰে মূল নিদান সঁজুলি বহু ক্ষেত্ৰত এতিয়াও সুলভ নহয় আৰু ৰবটিক সহায়ক অস্ত্ৰোপচাৰৰ ব্যৱহাৰ কম হৈ আছে।” মেক্স হাস্পতালৰ উপাধ্যক্ষ আৰু চাৰ্জিকেল অংক’লজী বিভাগৰ মুৰব্বী ডাঃ ডাবাছে ৰোগীৰ ফলাফল বৃদ্ধি কৰাৰ বাবে ন্যুনতম আক্ৰমণাত্মক অস্ত্ৰোপচাৰ কৌশল গ্ৰহণ কৰাৰ ওপৰত জোৰ দিছে “পৰম্পৰাগত খাদ্যনলীৰ অস্ত্ৰোপচাৰত উচ্চ বিপদাশংকা থাকে। ৰবটৰ সহায়ত অস্ত্ৰোপচাৰ প্ৰক্ৰিয়াবোৰে সঠিকতা উন্নত কৰি জটিলতা হ্ৰাস কৰে আৰু দ্ৰুত আৰোগ্য নিশ্চিত কৰে, যাৰ ফলত কেম’থেৰাপী আৰু ৰেডিঅ’থেৰাপীৰ দৰে চিকিৎসাত দ্ৰুত প্ৰৱেশাধিকাৰ বা ব্যৱস্থা প্ৰদান কৰা হয়,” এইদৰে ব্যাখ্যা কৰে ডাঃ ডাবাছে।


অঞ্চলটোৰ প্ৰাথমিক স্বাস্থ্যসেৱা আৰু ব্যৱসায়কেন্দ্ৰ হিচাপে গুৱাহাটীত স্বাস্থ্যসেৱা বিনিয়োগৰ পৰিৱৰ্তন দেখা গৈছে। ব্যক্তিগত হাস্পতালবোৰে উন্নত কৰ্কট ৰোগৰ চিকিৎসা সুবিধা প্ৰৱৰ্তন কৰাৰ বাবে অংশীদাৰিত্বৰ অন্বেষণ কৰি আছে, যাৰ ভিতৰত আছে ৰবটিক-সহায়ক অস্ত্ৰোপচাৰ। এই বৰ্ধিত চাহিদাৰ সৈতে অংশীদাৰসকলে চিকিৎসাৰ বাবে বহিঃপ্ৰবাহ নিয়ন্ত্ৰণ কৰিবলৈ আৰু স্থানীয় স্বাস্থ্যসেৱা আন্তঃগাঁথনি বৃদ্ধি কৰিবলৈ কৌশলগত বিনিয়োগৰ ওপৰত জোৰ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *