নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন (এনএছডিচি) আৰু ৱৰ্ল্ড এডুকেচন চাৰ্ভিচেছ(ডব্ৰিউইএছ)-এ ভাৰতীয় শিক্ষানুষ্ঠানসমূহৰ ডিজিটেল একাডেমিক প্ৰমাণপত্ৰৰ প্ৰমাণীকৰণ(ভেৰিফিকেচন) আৰু স্থানান্তৰ(ট্ৰেনস্ফাৰ)ৰ পৰিৱৰ্তনৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। নিৰ্ভৰযোগ্য আৰু প্ৰৱঞ্চনা-প্ৰতিৰোধী একাডেমীক ৰেকৰ্ডৰ বৰ্ধিত প্ৰয়োজনীয়তাৰ বিভিন্ন দিশৰ সমাধান কৰিবলৈ এই সহযোগিতাই নথি ভেৰিফিকেচনৰ সুৰক্ষা আৰু দক্ষতা বৃদ্ধি কৰাৰ বাবে ব্লকচেইন প্ৰযুক্তিৰ সুবিধা গ্ৰহণ কৰিবলৈ সাজু হৈছে। এই অংশীদাৰিত্বই আৱেদনকাৰী, ইছ্যু কৰা প্ৰতিষ্ঠান আৰু প্ৰাপ্তকৰ্তাসকলক বাস্তৱ-সময়ৰ সমৰ্থনৰ অনুমতি দিব, যাৰ ফলত বেছিভাগ ক্ষেত্ৰত ভেৰিফিকেচন প্ৰক্ৰিয়াৰ সময় ৫-৬ সপ্তাহৰ পৰা মাত্ৰ এক সপ্তাহলৈ যথেষ্ট হ্ৰাস হ’ব। ডব্লিউইএছৰ মুখ্য কাৰ্যবাহী বিষয়া এষ্টাৰ টি বেঞ্জামিনে ডব্লিউইএছৰ গ্লবেল ষ্ট্ৰেটেজীত ভাৰতৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি কয় যে, “ভাৰত আমাৰ ভৱিষ্যতৰ বিশ্বৰ এক গুৰুত্বপূৰ্ণ অংশ হ’ব। এই অংশীদাৰীত্বই আমাৰ প্ৰভাৱ অধিক বিস্তৃত আৰু গভীৰ কৰি তুলিব, যিয়ে বিশ্বব্যাপী গতিশীলতা আৰু ভাৰত আৰু ইয়াৰ বাহিৰত সুযোগ প্ৰদান বা আগবঢ়াই লৈ যোৱাত সহায় কৰিব। এনএছডিচিৰ চিইঅ’ বেদমণি তিৱাৰীয়ে এই উৎসাহক অনুৰণিত কৰি কয় যে, “এই সহযোগিতাই শৈক্ষিক প্ৰমাণপত্ৰ লাভত বিশ্বাসযোগ্যতা আৰু দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ চিহ্নিত কৰিছে।” এই অংশীদাৰিত্বই আন্তঃৰাষ্ট্ৰীয় সুযোগ বিচৰা অসমৰ ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰীসকলৰ বাবে প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰিব, লগতে শৈক্ষিক অভিলেখ পৰিচালনা আৰু পৰীক্ষণৰ অধিক কাৰ্যক্ষম উপায় আগবঢ়াব বুলি আশা কৰা হৈছে। এই অগ্ৰগতি ডিজিটেল ৰূপান্তৰ আৰু শৈক্ষিক উন্নতিৰ ওপৰত অঞ্চলটোৰ ক্ৰমবৰ্ধমান মনোনিৱেশৰ সৈতে সংগতি ৰাখে। Share this:FacebookX Related Post navigation উদীয়মান প্ৰযুক্তি আৰু এআই-ৰ প্ৰৱৰ্তনে ইয়াক পুনৰ কল্পনা কৰাত সহায় কৰিব ডিএছপি মিউচুৱেল ফাণ্ডে ভাৰতৰ প্ৰথম নিফটি শীৰ্ষ ১০ সম ওজন সূচক পুঁজি আৰু ইটিএফ মুকলি কৰিছে