বছৰৰ আৰম্ভণিতে মকৰ সংক্ৰান্তি উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষত উত্সৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। পোংগল, লহৰি, উত্তৰায়ণ আৰু মাঘ বিহুৰ দৰে বিভিন্ন নামেৰে পৰিচিত এই উৎসৱ প্ৰচুৰতা, কৃতজ্ঞতা আৰু নতুন আৰম্ভণিৰ প্ৰতীক। পৰিয়ালসমূহে উৎসৱমুখৰ খাদ্য আৰু মিঠাই প্ৰস্তুত কৰাৰ সময়ত বিশেষজ্ঞসকলে উদযাপনৰ সময়ত মননশীল পুষ্টিৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰিছে। পুষ্টিবিদ আৰু স্বাস্থ্য বিশেষজ্ঞসকলে উৎসৱমুখৰ খাদ্যত ভাৰসাম্য সংযোজন কৰাত কেলিফৰ্নিয়া আলমণ্ডৰ ভূমিকাক আঙুলিয়াই দিছে। প্ৰটিন, স্বাস্থ্যকৰ চৰ্বি আৰু এণ্টিঅক্সিডেণ্টৰে সমৃদ্ধ আলমণ্ডে ৰোগ প্ৰতিৰোধ সামৰ্থ্যক সমৰ্থন কৰে, স্থায়ী শক্তি প্ৰদান কৰে আৰু কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্যৰ সৈতে সেৱন কৰিলে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে বুলি জনা যায়। নতুন দিল্লীৰ মেক্স হেলথকেয়াৰৰ ডায়েটেটিক্স শাখাৰ আঞ্চলিক মুৰব্বী ঋত্বিকা সমাদ্দাৰে কয় যে, উৎসৱৰ সময়ত সৰু সৰু উপাদানৰ পচন্দই স্বাস্থ্যৰ ক্ষেত্ৰত এক ব্যাপক পৰিৱৰ্তন আনিব পাৰে। তেখেতে উল্লেখ কৰিছিল যে, আলমণ্ড প্ৰাকৃতিকভাৱে তৃপ্তিদায়ক আৰু ইয়াক সহজে লাড্ডু, সুস্বাদু ব্যঞ্জনত যোগ কৰিব পাৰি বা সাধাৰণভাৱেও খাব পাৰি। আয়ুৰ্বেদিক দৃষ্টিকোণৰ পৰা ডাঃ মধুমিতা কৃষ্ণনে কয় যে, শীতকালত আলমণ্ডক শক্তি বৃদ্ধিকাৰী আৰু উপকাৰী বুলি গণ্য কৰা হয় কিয়নো ই ‘বাট’ৰ ভাৰসাম্য বজাই ৰখাত আৰু পাচনত সহায় কৰে। পুষ্টি পৰামৰ্শদাতা শীলা কৃষ্ণস্বামীয়ে লগতে কয় যে, আলমণ্ডে অতিৰিক্ত শৰ্কৰা বা ৰিফাইণ্ড চৰ্বি অবিহনে পৰম্পৰাগত ব্যঞ্জনত পুষ্টি আৰু ৰূপ দুয়োটাই বৃদ্ধি কৰে। বলীউডৰ মোহময়ী অভিনেত্ৰী সোহা আলী খানেও শ্বেয়াৰ কৰিছে যে আলমণ্ড দীৰ্ঘদিন ধৰি তেখেতৰ পৰিয়ালৰ উৎসৱমুখৰ ৰন্ধন প্ৰণালীৰ অংশ হৈ আহিছে, যিয়ে ভোগ-বিলাস আৰু কল্যাণৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। কেলিফৰ্নিয়া আলমণ্ড ব’ৰ্ডৰ দ্বাৰা প্ৰচাৰিত কেলিফৰ্নয়া আলমণ্ডক পৰম্পৰাগত উদযাপনৰ এক স্বাস্থ্যকৰ সংযোজন হিচাপে স্থান দিয়া হৈছে, যি যুগ যুগ ধৰি চলি অহা উৎসৱমুখৰ ৰীতি-নীতিৰ সৈতে আধুনিক পুষ্টিৰ মিশ্ৰণ। Share this:FacebookX Related Post navigation থিয়ৰী ছাব্বাঘক অধ্যক্ষ হিচাপে নিযুক্তি দি দেশৰ নেতৃত্ব শক্তিশালী কৰিছে নিছানে অনন্যা পাণ্ডেই নৱবৰ্ষক আদৰিবলৈ শেহতীয়াভাৱে সহজ পন্থা বাছি লৈছে