আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ওচৰ চাপি অহাৰ লগে লগে শাৰীৰিক সুস্থতাৰ সৈতে পুষ্টিকৰ আহাৰৰ সংমিশ্ৰণৰ ওপৰত চৰ্চা চলিছে। প্ৰটিনৰ প্ৰাকৃতিক উৎস হিচাপে সমাদৃত কেলিফৰ্ণিয়া আলমণ্ডে পেশীৰ আৰোগ্য-সুস্বাস্থ্যক সমৰ্থন আৰু শাৰীৰিক প্ৰদৰ্শন বৃদ্ধি কৰাৰ সামৰ্থ্যৰ বাবে স্বাস্থ্য সচেতন গ্ৰাহকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে—যি যোগাসনকাৰীসকলৰ বাবে মূল প্ৰয়োজনীয়তা।

আগন্তুক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়ে মন্তব্য প্ৰকাশ কৰি বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী চোহা আলী খানে কয় যে, “এগৰাকী মাতৃ আৰু এগৰাকী কৰ্মৰত মহিলা হিচাপে যোগ বছৰ বছৰ ধৰি মোৰ জীৱনৰ অংশ হৈ আহিছে। যোগাসনে কেৱল মোক কেন্দ্ৰীভূত হৈ থাকিবলৈ সহায় কৰাই নহয় বৰঞ্চ অবিশ্বাস্য স্বাস্থ্যৰ সুবিধাসমূহো কঢ়িয়াই আনিছে-উন্নত পাচন প্ৰক্ৰিয়া, শক্তিশালী ৰোগ প্ৰতিৰোধ সামৰ্থ্য, উজ্জ্বল ছাল আৰু মোৰ ব্যস্ত সময়সূচীৰ মাজত শান্ত অনুভৱ কৰায়। মোৰ যোগ অনুশীলনৰ পৰিপূৰক হ’বলৈ, মই ঋতুভিত্তিক ফল-মূল, শাক-পাচলি, দৈ আৰু আলমণ্ডৰে ভৰা সন্তুলিত আহাৰ পৰিৱেশন কৰোঁ। বিশেষকৈ আলমণ্ড সদায় মোৰ পচন্দৰ পাতলীয়া খাদ্য হৈ আহিছে। প্ৰ’টিন আৰু কিছুমান অত্যাৱশ্যকীয় পুষ্টিৰে ভৰপূৰ আলমণ্ডে মোৰ শক্তি বজাই ৰখাত সহায় কৰে আৰু মোৰ সামগ্ৰিক সুস্থতাক সমৰ্থন কৰে-যিয়ে আত্মবিশ্বাসেৰে মোৰ ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা ভূমিকাৰ সমন্বয় সাধন কৰাটো সহজ কৰি তোলে।”

পুষ্টি আৰু সুস্থতা পৰামৰ্শদাতা শীলা কৃষ্ণস্বামীয়ে এই বিষয়ে কয় যে, “সৰ্বশ্ৰেষ্ঠ সামগ্ৰিক ফলাফলৰ বাবে মই সদায় যোগাসনৰ দৰে শাৰীৰিক কাৰ্য-কলাপ সন্তুলিত আহাৰৰ সৈতে যোগ কৰাৰ পৰামৰ্শ দিওঁ। ইয়াৰ ভিতৰত আছে আলমণ্ড আৰু অন্যান্য প্ৰ’টিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰা। ইয়াৰ প্ৰ’টিন, আঁহ আৰু হৃদ-উপকাৰী চৰ্বিৰ পৰিমাণৰ সৈতে আলমণ্ডে ওজন ব্যৱস্থাপনা আৰু অন্যান্য পুষ্টিৰ প্ৰয়োজনীয়তাক সমৰ্থন কৰে। আলমণ্ডৰ সুবিধাবোৰে কেৱল আমাৰ মাতৃ আৰু আইতাকসকলে ভাগ বতৰা কৰা প্রজ্ঞা প্ৰতিফলিত কৰাই নহয়, বৰঞ্চ ২০০ৰো অধিক বৈজ্ঞানিক অনুসন্ধানৰ দ্বাৰা সমৰ্থিত হয়, যিয়ে মানুহক যিকোনো দৈনন্দিন আহাৰত প্ৰকৃতাৰ্থত মূল্যৱান সংযোজন হিচাপে গঢ়ি তোলে।”

নতুন দিল্লীস্থিত মেক্স হেলথকেয়াৰৰ ডায়েটেটিক্সৰ আঞ্চলিক মুৰব্বী ঋত্বিকা সমাদ্দাৰে কয় যে, “যোগাসন হৈছে এক শক্তিশালী অনুশীলন, যিয়ে শাৰীৰিক আৰু মানসিক উভয় সুস্থতাক সমৰ্থন কৰে, আৰু ই এক স্বাস্থ্যকৰ, সন্তুলিত জীৱনশৈলী বজাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যোগৰ উপকাৰিতা প্ৰকৃত ৰূপত সৰ্বাধিক কৰিবলৈ, মই সদায় ইয়াক পুষ্টিকৰ আহাৰৰ সৈতে পৰিপূৰক কৰাৰ পৰামৰ্শ দিওঁ। নিয়মিতভাৱে যোগ অনুশীলন কৰা লোকসকলৰ বাবে আপোনাৰ দৈনন্দিন ৰুটিনত আলমণ্ডৰ দৰে খাদ্য অন্তৰ্ভুক্ত কৰাটো বিশেষভাৱে লাভজনক হ’ব পাৰে। আলমণ্ড হৈছে প্ৰ’টিনৰ এক প্ৰাকৃতিক উৎস, যি শাৰীৰিক কাৰ্য-কলাপৰ পিছত পেশী পুনৰুদ্ধাৰত সহায় কৰে। ব্যায়ামৰ পিছত আৰোগ্য লাভত সহায় কৰাৰ লগতে এমুঠি বাদাম নিয়মীয়াকৈ খালে এলডিএল কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু ৰক্ত শৰ্কৰাৰ স্তৰ স্থিৰ কৰি ৰাখিব পাৰে, সামগ্ৰিক স্বাস্থ্য আৰু প্ৰাণৱন্ততাত অৰিহণা যোগাব পাৰে।”

ফিটনেছ আৰু চেলিব্ৰিটr প্ৰশিক্ষক য়াছমিন কৰাচীৱালাইও নিজৰ সাপ্তাহিক ৰুটিনত যোগাসনক অন্তৰ্ভুক্ত কৰে। য়াছমিন কৰাচীৱালাই কয় যে, “স্বাস্থ্যৱান হৈ থাকিবলৈ, মই নিয়মীয়া ব্যায়াম আৰু সন্তুলিত আহাৰৰ মিশ্ৰণৰ ওপৰত নিৰ্ভৰ কৰোঁ। যদিও ব্যায়ামে মোক শাৰীৰিকভাৱে সুস্থ কৰি ৰাখে, যোগাসনে মোক শান্ত আৰু কেন্দ্ৰীভূত হৈ থাকিবলৈ সহায় কৰে। মই ভাৰসাম্য আৰু মনৰ শান্তি পুনৰুদ্ধাৰ কৰিবলৈ যোগাসনক মোৰ ৰুটিনত অন্তৰ্ভুক্ত কৰাটো অন্যতম গুৰুত্বপূৰ্ণ বিষয়। সক্ৰিয় হৈ থকাৰ লগতে, মই প্ৰাকৃতিক, স্বাস্থ্যকৰ খাদ্য সমৃদ্ধ আহাৰৰ ওপৰত গুৰুত্ব দিওঁ-আলমণ্ড এক গুৰুত্বপূৰ্ণ অংশ। এইবোৰ প্ৰ’টিন, ফাইবাৰ আৰু স্বাস্থ্যকৰ চৰ্বিৰে ভৰি থাকে, যাৰ ফলত এইসমূহ মোৰ দৈনন্দিন পুষ্টিৰ বাবে এক মূল্যৱান সংযোজন হৈ পৰে। মই আটাইতকৈ বেছি ভাল পোৱাটো হ’ল বহুমুখিতা-আপুনি বিভিন্ন ধৰণে উপভোগ কৰিব পাৰে আৰু বিবিধ পুষ্টিজনিত লাভ অৰ্জন কৰিব পাৰে।”

জনপ্ৰিয় দক্ষিণ ভাৰতীয় অভিনেত্ৰী শ্ৰীয়া চৰণে কয় যে, “মোৰ বাবে যোগাসন সদায়ে কেৱল ব্যায়ামতে সীমাৱদ্ধ নহয়-যোগ মোৰ শৰীৰ আৰু মন দুয়োটাৰে সৈতে সংযোগ স্থাপনৰ এক উপায়। মই জিমত সময় কটোৱাতকৈ যোগৰ অনুশীসন পচন্দ কৰোঁ, কাৰণ ই মোক বিশেষকৈ এক ব্যস্ত সময়সূচীৰ মাজতো আধাৰিত, নমনীয় আৰু মনোনিৱেশ কৰাত সহায় কৰে। মোৰ অনুশীলনক সমৰ্থন কৰিবলৈ, মই নিৰ্মল আহাৰ গ্ৰহণ আৰু প্ৰাকৃতিক খাদ্যৰ দ্বাৰা মোৰ শৰীৰক পুষ্ট কৰি ৰখাৰ ওপৰত গুৰুত্ব দিওঁ। আলমণ্ড মোৰ প্ৰিয় জলপানৰ ভিতৰত অন্যতম-ই মোৰ শক্তিৰ স্তৰ স্থিৰ কৰি ৰখাত সহায় কৰে আৰু প্ৰতিটো অধিবেশনৰ পিছত পুনৰুদ্ধাৰত সহায় কৰে। মই সাধাৰণতে যোগাসনৰ পিছত এটা নিৰ্মল আনন্দ উপভোগ কৰোঁ আৰু ই প্ৰকৃতাৰ্থত এক পাৰ্থক্যৰ সৃষ্টি কৰে।”

আয়ুৰ্বেদ বিশেষজ্ঞা মধুমিতা কৃষ্ণনে এই বিষয়ে কয় যে, “যোগৰ অনুশীলনে শৰীৰ আৰু মনক সংযোগ কৰি সামগ্ৰিক সুস্থতা বৃদ্ধি আৰু অটুট ৰাখে। যেতিয়া আলমণ্ডৰ দৰে পুষ্টিকৰ খাদ্যৰ সৈতে একত্ৰিত কৰা হয়, ই সামগ্ৰিক সুস্থতাৰ বাবে এক সম্পূৰ্ণ দৃষ্টিভংগীৰ সৃষ্টি কৰে। সিদ্ধত আলমণ্ডে শৰীৰৰ কলাবোৰক টোন কৰি ৰাখে বুলি জনা যায় আৰু আয়ুৰ্বেদে কয় যে, আলমণ্ডে স্নায়ুতন্ত্ৰক সহায় কৰে, শক্তি বৃদ্ধি কৰে আৰু পেশীৰ ভৰ গঠনত সহায় কৰে। এইবোৰ ছালৰ স্বাস্থ্যৰ বাবেও ভাল আৰু দৈনন্দিন আহাৰত অন্তৰ্ভুক্ত কৰাটো সহজ।”

গুৱাহাটীৰ বৰ্ধিত সুস্থতাৰ ট্ৰেণ্ডে আলমণ্ডৰ ব্যৱহাৰ বৃদ্ধি কৰিছে। স্থানীয় খুচুৰা বিক্ৰেতাসকলে বিশেষকৈ নগৰীয়া পেছাদাৰী আৰু যোগ প্ৰেমীসকলৰ মাজত চাহিদা বৃদ্ধি হোৱাটো লক্ষ্য কৰিছে। স্বাস্থ্য বিপণী আৰু প্ৰিমিয়াম গেলামালৰ দোকানসমূহে যোগ দিৱসৰ পূৰ্বে অধিক বিক্ৰীৰ কথা প্ৰকাশ কৰিছে, যি প্ৰাকৃতিক, প্ৰ’টিন সমৃদ্ধ খাদ্যৰ প্ৰতি এক বিস্তৃত গ্ৰাহকৰ ৰূপান্তৰক প্ৰতিফলিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *