অসমৰ বৈজ্ঞানিক চিন্তা আৰু ছাত্ৰ-ছাত্ৰীৰ অপৰিসীম পৰিশ্ৰমৰ এক ঐতিহাসিক যাত্ৰাৰ যেন এক মৰ্মান্তিক আৰু অনিশ্চিত পৰিণতি ঘটিল মহাকাশৰ বুকুত। গুৱাহাটীৰ অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত নিৰ্মিত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো উপগ্ৰহ ‘লাচিত-১’ আজি পুৱা হায়দৰাবাদৰ ধ্ৰুৱ স্পেচৰ পৰা উৎক্ষেপণ কৰা হয় যদিও নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ পূৰ্বেই ইছৰ’ৰ সৈতে ইয়াৰ যোগাযোগ বিচ্ছিন্ন হয়। সোণাপুৰৰ ডন বস্কো বিশ্ববিদ্যালয়ৰ কেম্পাছত অনলাইন মাধ্যমেৰে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ উৎসাহিত হৈ থকা ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ মাজত এই খবৰে শোকৰ ছাঁ পেলাইছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সূত্ৰই জানিবলৈ দিয়া মতে, শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা পি এছ এল ভি চি-৬২ ৰকেটৰ সহায়ত আজি পুৱা ১০ বাজি ১৭ মিনিটত ‘লাচিত-১’কে ধৰি মুঠ ১৫টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল। কিন্তু উৎক্ষেপণৰ তৃতীয় পৰ্যায়ত নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ ফলত উপগ্ৰহকেইটা কক্ষচ্যুত হোৱা বুলি জানিবলৈ দিয়ে। এই যান্ত্ৰিক বিজুতিৰ প্ৰকৃত কাৰণ সন্দৰ্ভত মহাকাশ বিজ্ঞানীসকলে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। অসমৰ বীৰ লাচিত বৰফুকনৰ নামেৰে নামকৰণ কৰা এই অভিলাষী মিছনটোত অসম, মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ ৫০ জনতকৈ অধিক মেধাৱী ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক জড়িত আছিল। দুৰ্যোগৰ মোকাবিলা আৰু আঞ্চলিক সামৰ্থ্য বিকাশৰ লক্ষ্যৰে নিৰ্মাণ কৰা এই উপগ্ৰহটোৱে উত্তৰ-পূৰ্বাঞ্চলক মহাকাশ গৱেষণাৰ মানচিত্ৰত এক বিশেষ মৰ্যাদা দিয়াৰ কথা আছিল। গৱেষক ছাত্ৰৰ দলটোৱে দিনে-নিশাই একাকাৰ কৰি সাজু কৰা এই প্ৰচেষ্টাত হঠাতে দেখা দিয়া এই যান্ত্ৰিক বিসংগতিয়ে বৈজ্ঞানিক মহলত উদ্বেগৰ সৃষ্টি কৰিছে। ইফালে, যোগাযোগ বিচ্ছিন্ন হোৱাৰ পাছতো বিজ্ঞানীসকলে উপগ্ৰহটোৰ পুনৰুদ্ধাৰ বা সংকেত লাভৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলে এই অভিযানৰ বাবে দীৰ্ঘদিন ধৰি গৱেষণা চলাই আহিছিল আৰু ইছৰোৰ এই বিফলতাই তেওঁলোকক হতাশ কৰিলেও নতুন উদ্যমেৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছে। বৰ্তমান ইছৰ’ৰ পৰা এই যান্ত্ৰিক ত্ৰুটিৰ সবিশেষ প্ৰতিবেদনলৈ সকলোৱে অপেক্ষা কৰিছে। Share this:FacebookX Related Post navigation জুবিন গাৰ্গৰ হত্যাৰ বিচাৰত ফাষ্টট্ৰেক আদালতৰ বাবে সাজু চৰকাৰঃ জনালে মুখ্যমন্ত্ৰীয়ে সংকটত কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ! প্ৰয়োজন হ’লেই দিল্লীলৈ তলব কৰা হ’ব সিদ্ধাৰামাইয়া-শিৱকুমাৰক