এতিয়া ভাৰত আৰু বাংলাদেশৰ প্ৰতি ভাৰতৰ উদাৰ নীতি আগের দৰে নাথাকিব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বাংলাদেশত বৃদ্ধি পোৱা ভাৰত-বিৰোধী আবেগৰ লগত সম্পৰ্কিত মন্তব্যৰ প্রতি তীব্ৰ অসন্তোষ প্ৰকাশ কৰে। তেওঁ ভাৰতৰ ভূখণ্ডৰ ওপৰত যিকোনো প্ৰশ্নক ‘বিপজ্জনক’ আৰু ‘অগ্ৰহণযোগ্য’ বুলি অভিহিত কৰিলে। সাংবাদিকৰ সৈতে কথোপকথনত, মুখ্যমন্ত্ৰী অভিযোগ কৰে যে বাংলাদেশৰ একাংশ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ পৰিকল্পনা কৰি আছে। তেওঁ সুতৰাং কয় যে, “ভাৰত এতিয়া বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি আৰু এক পৰমাণু শক্তিধৰ দেশ। এনে বৈরী আচৰণ অব্যাহত থাকিলে ভাৰতে মৌন হৈ নাথাকে।” তেওঁ উল্লেখ কৰে যে ভাৰত-বিৰোধী পৰিস্থিতি সলনি নহ’লে, বাংলাদেশলৈ আগবঢ়োৱা সমৰ্থনৰ পুনৰ মূল্যায়ন কৰিব লগা হব। মন কৰিবলগীয়া যে, শেহতীয়াকৈ বাংলাদেশৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছ আৰু পাকিস্তানৰ শীর্ষ সামৰিক নেতৃত্বৰ এক বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ বিকৃত মানচিত্ৰ প্ৰদৰ্শন কৰি উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে, বাংলাদেশৰ কিছুমান নেতা অসম, ত্ৰিপুৰা আৰু পশ্চিম বংগৰ কিছু অংশক নিজৰ বুলি দাবী কৰি সামাজিক মাধ্যমত পোষ্ট দিছিল, যাক ভাৰতে তীব্ৰ আপত্তি জনাইছে। Share this:FacebookX Related Post navigation কন্যাক বচাবলৈ ৬০ ফুট গভীৰ ব’ৰৱেলত জাঁপ পিতৃৰো! জীৱন্তে উদ্ধাৰ পিতৃ-কন্যাক ২০২৬ৰ নিৰ্বাচনী ৰণডংকা: ডিচেম্বৰত মোদী-শ্বাহৰ অসম ভ্ৰমণ, ৪,০০০ কোটি টকাৰ বিমানবন্দৰ টাৰ্মিনেলৰ উপহাৰ