নিছান মটৰ ইণ্ডিয়াই ভাৰতৰ সমগ্ৰ ডিলাৰশ্বিপ নেটৱৰ্কত ২০২৪ বৰ্ষৰ ৮-৯ জুন আৰু ১৫-১৬ জুনত আয়োজিত নিছান উইকেণ্ড কাৰ্নিভেলৰ কথা ঘোষণা কৰিবলৈ পাই উৎফুল্লিত হৈ পৰিছে। এই কাৰ্নিভেলৰ লক্ষ্য হৈছে বৰ্তমানৰ আৰু সম্ভাৱ্য মেগনাইটৰ মূল্যৱান গ্ৰাহকসকলক একত্ৰিত কৰি উৎসাহ-উদ্দীপনা আৰু একচেটিয়া অফাৰেৰে ভৰা এক অবিস্মৰণীয় অভিজ্ঞতা প্ৰদান কৰা। উইকেণ্ড কাৰ্নিভেলত উপস্থিত হোৱাৰ পিছতে আগ্ৰহী ব্যক্তিসকলে বিশেষ উপহাৰ, বুকিঙৰ ওপৰত একচেটিয়া আনুষংগিক সামগ্ৰী আৰু গেজা এছই মডেলৰ বাবে আকৰ্ষণীয় লেনদেনৰ সৈতে এক জীৱন্ত পৰিৱেশ উপভোগ কৰিব পাৰিব। সৌভাগ্যৱান দৰ্শনাৰ্থীসকলে দৈনিক ড্ৰ’ৰ জৰিয়তে ৰেহাই আৰু আনুষংগিক সামগ্ৰী জিকিব পাৰে। সকলো পৰিয়ালকে শিশুৰ বাবে নিৰ্ধাৰিত আকৰ্ষণীয় কাৰ্য-কলাপত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়, যাৰ ভিতৰত আছে কালাৰিং(পেইণ্ট) প্ৰতিযোগিতা। প্ৰতিটো শিশুৱে আপোন পিতৃ-মাতৃৰ সৈতে এক বিশেষ উপহাৰ লাভ কৰে, যি সকলোৰে বাবে এক উৎসৱৰ পৰিৱেশ নিশ্চিত কৰিব। নিছানে গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে নিছান আৰু ডাটছন গাড়ীৰ গৰাকীসকলেকে ধৰি নিজৰ নিষ্ঠাবান গ্ৰাহকসকলক ১,৩৫,১০০ টকা পৰ্যন্ত সুবিধাৰে উপকৃত কৰিবলৈ এনএমআইপিএল লয়েল্টি প্ৰগ্ৰেম আৰম্ভ কৰিছে। এই সুবিধাসমূহে বিশেষ এক্সচেঞ্জ(বিনিময়) আৰু লয়েল্টি অফাৰ, ৩ বছৰীয়া প্ৰি-পেইড মেইণ্টেনেন্স প্ৰগ্ৰাম, একচেটিয়া বিত্তীয় বিকল্প আৰু বহুতো সুবিধা সামৰি লয়। Share this:FacebookX Related Post navigation তুৰ্কী এয়াৰলাইনছে “টুমৰো অন-বোৰ্ড” স্থিৰতা ব্ৰেণ্ড প্ৰৱৰ্তন কৰিছে চেমচাঙে অডিচি ওএলইডি মনিটৰৰ ২০২৪ লাইনআপ প্ৰৱৰ্তন কৰিছে