মেগনাইট গেজা স্পেচিয়েল এডিচন ২০২৩ৰ অভূতপূৰ্ব সফলতাৰ ওপৰত ভিত্তি কৰি নিছান মটৰ ইণ্ডিয়াই নিজৰ বিগ, বল্ড আৰু বিউটিফুল এছ ইউভি নিছান মেগনাইট গেজা চিভিটি স্পেচিয়েল এডিচন ৯.৮৪ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত মুকলি কৰিছে। মেগনাইট গেজা স্পেচিয়েল এডিচন ২০২৩ৰ পৰা লাভ কৰা সঁহাৰিৰ দ্বাৰা উদ্বুদ্ধ হৈ গ্ৰাহকৰ বিস্তৃত অভিমতৰ ওপৰত ভিত্তি কৰি একত্ৰিত সুবিধাৰে গেজা স্পেচিয়েল এডিচনৰ প্ৰথমম বৰ্ষপূৰ্তিত নিছান মেগনাইট গেজা চিভিটি স্পেচিয়েল এডিচন মুকলি কৰা হৈছে।

জাপানী থিয়েটাৰ আৰু মিউজিক থিমৰ পৰা অনুপ্ৰাণিত মেগনাইট গেজা চিভিটি স্পেচিয়েল এডিচনে সংগীত অনুৰাগীসকলক এটা প্ৰিমিয়াম স্পীকাৰ চিষ্টেম আৰু উন্নত ইনফ’টেইনমেণ্ট সুবিধা প্ৰদান কৰিছে। এই বাহনখনত আছে হাই ৰিজ’ল্যুচন ২২.৮৬ চে.মি. টাচ্চস্ক্ৰীণ, ৱায়াৰলেছ সংযোগৰ সৈতে এণ্ড্ৰইড কাৰপ্লে, প্ৰিমিয়াম জেবিএল স্পীকাৰ চিষ্টেম, ট্ৰেজেক্টৰী লাইনৰ সৈতে পিছফালৰ কেমেৰা, নিছান এপৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পৰা এম্বিয়েণ্ট লাইটিং, অপচনেল বেইজ ছিট আপহলষ্টৰী ইত্যাদি। মেগনাইট গেজা চিভিটি স্পেচিয়েল এডিচনৰ মূল্য ১০ লাখ টকাৰ ভিতৰত এইছআৰ১০ টাৰ্বো চিভিটি লাইনআপত এতিয়া একচেটিয়াভাৱে উপলব্ধ।

যোৱা বৰ্ষত মুকলি কৰা নিছানৰ মেগনাইট গেজা চিভিটি স্পেচিয়েল এডিচন এতিয়া ইনফ’টেইনমেণ্টৰ বিস্তৃত পৰিসৰৰ সুবিধাৰে উপলব্ধ, যাৰ ফলত এই বাহনখন বি-এছইউভি ছেগমেণ্টৰ আটাইতকৈ সুলভ আৰু প্ৰিমিয়াম চিভিটি টাৰ্বো ৰূপে পৰিগণিত হৈছে। এই বিষয়ে উৎসাহেৰে নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড (এনএমআইপিএল)ৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই কয় যে, “যোৱা বছৰ গেজা চিভিটি স্পেচিয়েল এডিচনে যথেষ্ট সমাদৰ লাভ কৰাৰ পিছত আমি মেগনাইটৰ নতুন ভেৰিয়েণ্ট মুকলি কৰিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *