নিছান মটৰ ইণ্ডিয়াই ১৫-১৭ নৱেম্বৰলৈ সমগ্ৰ দেশজুৰি নিজৰ ডিলাৰশ্বিপ নেটৱৰ্কত ‘উইকেণ্ড কাৰ্নিভেল’ আয়োজন কৰিছে। সপ্তাহৰ শেষত ছুটিৰ দিনত আয়োজিত কাৰ্নিভেলৰ জৰিয়তে নিছানৰ বৰ্তমান আৰু সম্ভাৱ্য গ্ৰাহক তথা পৰিয়ালসমূহক একত্ৰিত কৰি ৰোমাঞ্চকৰ পুৰস্কাৰ, লাকী ড্ৰ’ আৰু আনন্দদায়ক কাৰ্যৰে এক অবিস্মৰণীয় অভিজ্ঞতা প্ৰদান কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। কাৰ্নিভেলত অতিথিসকলে নতুন নিছান মেগনাইট আৰু নিছান এক্স-ট্ৰেইল টেষ্ট ড্ৰাইভ কৰাৰ লগতে পৰিয়ালকেন্দ্ৰিক বিভিন্ন খেল, প্ৰতিযোগিতা আৰু শিশুৱে খেলিবলৈ নিৰ্দিষ্ট ক্ষেত্ৰ প্ৰদান কৰি উপভোগ্য কৰি তুলিছে। গ্ৰাহকে #NissanFamilyConnect ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত প্ৰশংসাসূচক ভিডিঅ’ৰ জৰিয়তে নিজৰ অনন্য অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰিব পাৰে। এই আকৰ্ষণীয় কাৰ্য-কলাপসমূহৰ লক্ষ্য হৈছে নিছান আৰু গ্ৰাহকসকলৰ মাজত বন্ধন শক্তিশালী কৰা। এই অনুষ্ঠান গুৱাহাটীৰ লগতে সমগ্ৰ অসমৰ সম্ভাৱ্য গাড়ী ক্ৰেতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, য’ত নিছানৰ ক্ৰমবৰ্ধমান উপস্থিতি মেগনাইটৰ দৰে মডেলৰ জনপ্ৰিয়তাই উদ্বুদ্ধ কৰিছে। এই কাৰ্নিভেলে পৰিয়ালকেন্দ্ৰিক গ্ৰাহকসমূহৰ ভিত্তিত গুৱাহাটীৰ সম্ভাৱ্য ক্ৰেতাসকলক উৎসৱমুখৰ আৰু আকৰ্ষণীয় পৰিৱেশত নিছানৰ অফাৰসমূহ অন্বেষণ কৰাৰ বাবে এক প্লেটফৰ্ম প্ৰদান কৰিছে। নিছান মটৰ ইণ্ডিয়াই বৰ্তমানৰ মেগনাইট আৰু সম্ভাৱ্য নতুন নিছান মেগনাইটৰ গৰাকী আৰু পৰিয়ালসমূহক সমীপৰ নিছান ডিলাৰশ্বিপলৈ উষ্ম আমন্ত্ৰণ জনাইছে যাতে পৰিয়ালসমূহে সপ্তাহটোৰ শেষত আনন্দদায়ক, ৰোমাঞ্চকৰ পুৰস্কাৰ আৰু ভাল লগা স্মৃতিৰ এক অবিস্মৰণীয় অভিজ্ঞতা লাভ কৰিব পাৰে। Share this:FacebookX Related Post navigation এমজি উইণ্ডছৰে ভাৰতীয় অলিম্পিক পদক বিজয়ী ২০২৪ ক সম্বৰ্ধনা জনায় ভাৰতীয় কৃষিৰ বাবে কীট নিয়ন্ত্ৰণ সমাধান আৰম্ভ কৰিবলৈ প্ৰভিভি আৰু গোদ্ৰেজ এগ্ৰ’ভেট অংশীদাৰ