নিছান মটৰ ইণ্ডিয়াই নিজৰ ‘এক বাহন, এক বিশ্ব’ কৌশলক শক্তিশালী কৰি বাওঁফালৰ চালক আসন(এল এইচ ডি)ৰ নতুন নিছান মেগনাইটৰ ১০,০০০ৰো অধিক বাহনৰ ৰপ্তানি আৰম্ভ কৰিছে। লেটিন আমেৰিকান (এলএটিএএম) অঞ্চলৰ নিৰ্বাচিত বজাৰসমূহলৈ ২০২৫ চনৰ জানুৱাৰী মাহত প্ৰায় ২,৯০০খন বাহন প্ৰথম পৰ্যায়ত প্ৰেৰণ কৰা হৈছিল। ৭,১০০ৰো অধিক বাহন সামৰি লোৱা দ্বিতীয় পৰ্যায়ত চলিত ফেব্ৰুৱাৰী মাহত মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা, লেটিন আমেৰিকা আৰু এছিয়া-প্ৰশান্ত মহাসাগৰীয় নিৰ্বাচিত বজাৰলৈ প্ৰেৰণ কৰা হ’ব। চেন্নাইত নিছানৰ এলায়েঞ্চ জেভি প্ৰকল্পত নিৰ্মাণ কৰা নতুন নিছান মেগনাইটে এতিয়া ৬৫খনতকৈও অধিক বিশ্বব্যাপী বজাৰত উপলব্ধ হ’ব। এএমআইইঅ’ অঞ্চলৰ ব্যৱসায় পৰিৱৰ্তন বিভাগৰ উপাধ্যক্ষ তথা নিছান ইণ্ডিয়া অপাৰেচনৰ অধ্যক্ষ ফ্ৰেংক টৰেছে ৰপ্তানি সম্প্ৰসাৰণৰ বাবে প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “এয়া আমাৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি, কিয়নো আমি ভাৰতক এক গুৰুত্বপূৰ্ণ গোলকীয় কেন্দ্ৰ হিচাপে স্থান প্ৰদানৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ।” ভাৰততো গুৱাহাটীকে ধৰি দেশৰ প্ৰধান প্ৰধান চহৰ অঞ্চলবোৰত মেগনাইটে আকৰ্ষণ লাভ কৰিছে, এই সমূহ অঞ্চলত বিশেষত্ব সমৃদ্ধ, সংপৃক্ত মডেলৰ বাহনৰ চাহিদা বৃদ্ধি হোৱাৰ বাবে এছইউভি বিক্ৰী বৃদ্ধি পাইছে। বাহনখনৰ সামৰ্থ্য আৰু টাৰ্বোচাৰ্জড ১.০-লিটাৰ ইঞ্জিনে প্ৰদৰ্শন আৰু দক্ষতাৰ মাজত ভাৰসাম্য বিচাৰি থকা গ্ৰাহকসকলক আকৰ্ষিত কৰিছে। বিশ্বব্যাপী নিজৰ বৰ্ধিত উপস্থিতিৰ সৈতে নিছানৰ ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ দৃষ্টিভংগীয়ে গতি লাভ কৰিছে। Share this:FacebookX Related Post navigation ভিয়ে মহাকুম্ভত পৃথক হোৱা তীৰ্থযাত্ৰীসকলক পুনৰ একত্ৰিত কৰিবলৈ ‘ভি নম্বৰ ৰক্ষক’ উদ্যোগ আৰম্ভ কৰিছে ক্ৰমবৰ্ধমান খণ্ডত প্ৰৱেশ কৰিবলৈ এইচএছবিচি মিউচুৱেল ফাণ্ডে আগবঢ়াইছে এইচএছবিচি বিত্তীয় সেৱা পুঁজি