নিছান মটৰ ইণ্ডিয়াই সেৱা আৰম্ভ কৰাৰ পৰা বৰ্তমানলৈকে ৫ লাখ ঘৰুৱা বিক্ৰী অতিক্ৰম কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে আৰু আজিপৰ্যন্ত মুঠ ৫,১৩,২৪১খন বাহন বিক্ৰী কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও ২০২৪ৰ নৱেম্বৰ মাহত কোম্পানীটোৱে ৯০৪০ ইউনিটৰ একত্ৰিত পাইকাৰী বাহন প্ৰেৰণ কৰি নতুন শিখৰত উপনীত হৈছে, এই পৰিসংখ্যাই নতুন নিছান মেগনাইট এছইউভিকে ধৰি নিছানৰ বাহনসমূহৰ ধাৰাবাহিক চাহিদাকে প্ৰতিফলিত কৰিছে। এই সময়ছোৱাত ঘৰুৱা বিক্ৰী ২৩৪২ ইউনিট হোৱাৰ বিপৰীতে ৰপ্তানিৰ পৰিমাণ ৬৬৯৮ ইউনিট হৈছেগৈ। ২০২৪ৰ অক্টোবৰৰ তুলনাত নৱেম্বৰ মাহত মুঠ একত্ৰিত পাইকাৰী বিক্ৰী ৫৫৭০খন বাহনৰ পৰা ৯০৪০ ইউনিটলৈ ৬২% (এমঅ’এম) বৃদ্ধি পাইছে, ৰপ্তানিৰ পৰিমাণ বৃদ্ধিৰ ফলত এই সাফল্য অৰ্জন কৰিছে। ২০২৪ চনৰ নৱেম্বৰ মাহত ৰপ্তানিৰ পৰিমাণ ২০২৩ চনৰ নৱেম্বৰত ২০৮১ ইউনিটৰ তুলনাত ২২২% (ৱাইঅ’ৱাই) বৃদ্ধি আৰু ২০২৪ৰ অক্টোবৰ মাহত ২৪৪৯ ইউনিটৰ তুলনাত ১৭৩.৫% (এমঅ’এম) বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই এই বিষয়ে কয় যে, “নিছান মটৰ ইণ্ডিয়াত আমাৰ ব্ৰেণ্ডে ৫ লাখ ঘৰুৱা বিক্ৰীৰ মাইলৰ খুঁটি অতিক্ৰম কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়।” নতুন নিছান মেগনাইটৰ আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে এক বলিষ্ঠ, ষ্টাইলিছ ডিজাইনৰ লগতে ২০+ প্ৰথম আৰু খণ্ডটোৰ ভিতৰতে সৰ্বোত্তম সুবিধা আৰু ৫৫+ মুঠ সুৰক্ষা বৈশিষ্ট্য প্ৰদান কৰিছে। Share this:FacebookX Related Post navigation ডিএছপি বিজনেছ চাইকেল ফাণ্ডে ২০২৪ চনৰ ২৭ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈকে এন এফ অ’ মুকলি কৰে ইন-স্পেচক স্বীকৃতি প্ৰদানকাৰী সংস্থা হিচাপে অনুমোদন এনচিভিইটিৰ