বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে । এই নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিবলৈ এটা দিন বাকী থকা অৱস্থাত ৰাজ্য়ত পুনৰ সংঘটিত হৈছে নিৰ্বাচনী হিংসা । বিগত কেইবাদিনত জোনাই বিধানসভা সমষ্টিত এনেধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈ থকাৰ মাজতেই দেওবাৰে পুনৰ নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে । ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিত শেহতীয়াকৈ কংগ্ৰেছ আৰু বিজেপি উভয় দলৰ কৰ্মী তথা সমৰ্থকৰ মাজত নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৮০ জোনাই বিধানসভা সমষ্টিত নিৰ্বাচনী হিংসাই লৈছে ভয়ংকৰ ৰূপ । বিৰোধী দল কংগ্ৰেছৰ ৰেলীত দুৰ্বৃত্তই আক্ৰমণ কৰি কেইবাখনো বাহন আৰু মটৰ চাইকেল ভাঙি পেলোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে ।এই ঘটনাৰ পাছতে আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত এজন ভুক্তভোগীয়ে কয়,” কংগ্ৰেছৰ ৰেলীত যোৱা বাবে আমাক আক্ৰমণ কৰিছে । আমি দুজন আছিলো । প্ৰথমে মোক মাৰপিট কৰিছে আৰু পিচত এইবিষয়ে কাৰো আগত নক’বলৈ ১০০০ টকা দি পঠিয়াইছে । Share this:FacebookX Related Post navigation অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে এটা দিন বাকী প্ৰিমিয়াম ডিজাইন আৰু সম্পূৰ্ণ দিনৰ বেটাৰী কাৰ্যক্ষমতাৰ সৈতে জিঅ’মিৰ ৰেডমি নোট ১৫ বিশেষ সংস্কৰণ মুকলি