পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিছে । বিশেষকৈ শক্তি খণ্ডত প্ৰভাৱ স্পষ্ট হৈ পৰিছে । তাৰ মাজতে দেশত ৰন্ধন গেছৰ মূল্য বৃদ্ধি পালে । ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৬০ টকা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যও ১১৪.৫ টকা বৃদ্ধি পাইছে । ভাৰতীয় তেল নিগমৰ ৱেবছাইটৰ তথ্য অনুসৰি ৭ মাৰ্চৰ পৰা এই মূল্যবৃদ্ধি কাৰ্যকৰী হৈছে ।১১ মাহৰ ভিতৰত এয়া দ্বিতীয়বাৰৰ বাবে ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে । যোৱা বছৰৰ এপ্ৰিল মাহত অন্তিমবাৰৰ বাবে ৫০ টকা বৃদ্ধি পাইছিল । মুম্বাইত ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ নতুন মূল্য এতিয়া ৯১২.৫০ টকা । পূৰ্বে ৮৫২.৫০ টকা আছিল । কলকাতাত ৮৭৯ টকাৰ পৰা ৯৩০ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে চেন্নাইত ৮৬৮.৫০ টকাৰ পৰা ৯২৮.৫০ টকালৈ বৃদ্ধি পাইছে । Share this:FacebookX Related Post navigation বিৰোধীত অকলশৰীয়া হ’ল অখিল গগৈ