অচিৰে আৰম্ভ হ’ব উত্তৰাখণ্ডৰ বিখ্যাত চাৰিধাম যাত্ৰা ৷ এই যাত্ৰা আৰম্ভ হোৱাৰ দিন নিচেই চমু চাপিছে ৷

শুকুৰবাৰৰ পৰা উত্তৰাখণ্ড পৰ্যটন ব’ৰ্ডে চাৰিধাম যাত্ৰাৰ বাবে অনলাইন পঞ্জীয়ন মুকলি কৰিছে । আনহাতে, ১৭ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব অফলাইন পঞ্জীয়ন ।

বিশ্ববিখ্যাত চাৰিধাম যাত্ৰা ২০২৬ ৰ বাবে অনলাইন পঞ্জীয়ন আৰম্ভ হোৱাৰ লগে লগে ভক্তসকল উৎসাহী হৈ পৰিছে । এই সেৱা মুকলিৰ প্ৰথমটো দিনতে যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ দৰ্শনৰ বাবে মুঠ ১,২৩,৭৮৮ গৰাকী তীৰ্থযাত্ৰীয়ে পঞ্জীয়ন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *