ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে ভাৰতৰ ভিন্ন প্ৰান্ত শোক দেখিবলৈ পোৱা গৈছে। আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰৰ নিশ্চয়তা অহাৰ লগে লগে দিল্লীত থকা ইৰাণৰ দূতাবাসে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰে।ইফালে, দেওবাৰে পুুৱাই জম্মু-কাশ্মীৰত একাংশ লোকে উলিয়াই শোক সমদল। এই সমদলত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ লোকে। কেইবাজনো অংশগ্ৰহণকাৰীয়ে আমেৰিকা আৰু ইজৰাইলে নিৰীহ লোকক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰি পুনৰ হাজাৰজন খামেইনীৰ আকৌ জন্ম হ’ব বুলি উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *