অহা ২৯ আগষ্টত অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে, এই ভ্ৰমণৰ সময়ত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনৈতিক আখ্যান গঢ়ি তোলাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।২৯ আগষ্টত অমিত শ্বাহৰ ভ্ৰমণৰ ঠিক ১০ দিনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসম ভ্ৰমণ কৰাৰ কথা। ৰাজ্যিক বিজেপিয়ে দুয়োগৰাকী নেতাৰ ভ্ৰমণৰ সফলতা নিশ্চিত কৰাৰ বাবে কাম কৰি আছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।শুকুৰবাৰে সন্ধিয়া বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত দুয়োটা হাইপ্ৰফাইল ভ্ৰমণৰ বাবে প্ৰস্তুতিমূলক বৈঠকত অনুষ্ঠিত কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ২৯ আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত নতুনকৈ নিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব।দিনটোৰ দ্বিতীয়টো কাৰ্যসূচীত শ্বাহে এন ডি এৰ সদ্য নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ অধিৱেশনত অংশগ্ৰহণ কৰিব আৰু সন্ধিয়া ৰাজ্যৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপনত তেওঁ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বুলিও শৰ্মাই লগতে কয়। ৰাজ্যিক নিৰ্বাচনলৈ ছয়ৰ পৰা সাত মাহ বাকী থকাৰ সময়ত শ্বাহৰ ভ্ৰমণৰ তাৎপৰ্যপূৰ্ণ বুলি কয় মুখ্যমন্ত্ৰীয়ে। Share this:FacebookX Related Post navigation নগাঁৱত ভয়ংকৰ ঘটনা