যোৱা বৃহস্পতিবাৰে মেঘালয়ৰ ছুতংগাত অবৈধ কয়লা খনিত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ ফলত নিহত লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পাইছে ৷ আনহাতে, অবৈধ কয়লা খনন আৰু খনিটোৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে মেঘালয় আৰক্ষীয়ে । ছুতংগাত অবৈধ কয়লা খনিটোত বৃহস্পতিবাৰে পুৱা সংঘটিত দুৰ্ঘটনাটোৰ বিষয়ে শুকুৰবাৰে নিশা পূব জয়ন্তীয়া হিলছৰ আৰক্ষী অধীক্ষক আই পি এছ বিকাশ কুমাৰে জনায় যে এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ঘটা লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি হৈছে ৷উল্লেখ্য যে এতিয়াও উদ্ধাৰ অভিযান শেষ হোৱা নাই ৷ শনিবাৰেও অব্যাহত থকা এই অভিযানত মৃত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ কিয়নো আৰক্ষীয়ে ৰেট হ’ল মাইনিঙৰ জৰিয়তে চলাই থকা এই অবৈধ খনিটোৰ ভূ-গৰ্ভলৈ দুৰ্ঘটনাৰ দিনটোত কিমানজন লোক সোমাই গৈছিল সেয়া নিশ্চিত কৰিব পৰা নাই ৷ স্থানীয় লোকৰ মতে, সেইদিনা কয়লা খননৰ বাবে প্ৰায় ৭০ৰ পৰা ১০০ জনৰ ওচৰা-ওচৰি লোক ভূ-গৰ্ভলৈ সোমাই গৈছিল ৷ Share this:FacebookX Related Post navigation ইতিহাস ৰছিলে ভাৰতে গুৱাহাটীত পথ সুৰক্ষাৰ প্ৰশিক্ষণৰ ৫ বছৰ সম্পূৰ্ণ হ’ল এইচএমএছআইৰ