২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ ভোটযুদ্ধৰ পূৰ্বে অসমত আৰম্ভ হৈছে হাইটেক চাইবাৰ যুদ্ধ । অসমৰ ১২,০০০ ৰো অধিক বিঘা মাটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ দখলত বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছত মুকলি কৰা হৈছিল কংগ্ৰেছৰ ৱেবছাইট ৷ পিছে মুকলিৰ মাথোঁ এঘণ্টাৰ ভিতৰতে হেকাৰৰ কবলত পৰিল কংগ্ৰেছৰ ৱেবছাইটটো ।বুধবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি আৰু ভূমি কেলেংকাৰীৰ তথ্যৰে মুকলি কৰা হৈছিল এটা ৱেবছাইট । কিন্তু মুকলিৰ পাছতে হেক হ’ল কংগ্ৰেছৰ ৱেৱছাইট whoishbs.com নামেৰে মুকলি কৰা ৱেবছাইটটো । অৱশ্যে অলপ সময়ৰ ভিতৰতে কংগ্ৰেছে হোমপেজত ওলোৱা – Better Luck Next Time Paijaan… বাক্যশাৰী মোহাৰি হেকাৰৰ নিয়ন্ত্ৰণ প্ৰতিৰোধ কৰে । এতিয়া কংগ্ৰেছৰ whoishbs.com ৱেবছাইটটো খুলিলে আপুনি দেখিব, তাত লিখা আছে – Just 4000+ ACRES(12000+Bighas) ৷ Share this:FacebookX Related Post navigation আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ জীয়াৰী ভাৰতে পুনৰ ৰছিলে ইতিহাস