পাকিস্তান সম্পৰ্কীয় চোৰাংচোৱাগিৰিৰ সন্দৰ্ভত সমগ্ৰ দেশৰ ৮খন ৰাজ্যৰ ১৫টা স্থানত NIA-এ ব্যাপক তালাচী অভিযান চলাইছিল। দিল্লী, মহাৰাষ্ট্ৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, অসম আৰু পশ্চিম বংগ ৰাজ্যৰ পাকিস্তানী চোৰাংচোৱা সংস্থা (পিআইঅ’)ৰ সৈতে জড়িত সন্দেহযুক্ত লোকৰ আত্মগোপন স্থানত NIA-এ অভিযান চলায়। ইয়াৰ মাজতে বহু ইলেক্ট্ৰনিক গেজেট আৰু স্পৰ্শকাতৰ বিত্তীয় নথিৰ লগতে অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰে।উল্লেখ্য যে, ২০ মে’ত NIA-এ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান মতিৰাম জাটক পাকিস্তানী চোৰাংচোৱা বিষয়াৰ সৈতে গোপনীয় তথ্য ভাগ-বতৰা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *