শুকুৰবাৰে পুৱা ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্টটো হঠাতে নোহোৱা হৈ যোৱাত ছচিয়েল মিডিয়াত ব্যাপক আলোড়নৰ সৃষ্টি হয়। অৱশ্যে খন্তেক সময়ৰ পূৰ্বে ২৭৪ মিলিয়নতকৈ অধিক ফ’ল’ৱাৰ থকা কোহলীৰ একাউণ্টটো পুনৰ সক্ৰিয় হয়। প্ৰিয় ক্ৰিকেটাৰগৰাকীৰ একাউণ্টটো প্ৰায় ৮ ঘণ্টা ধৰি নিষ্ক্ৰিয় গৈ থকাক লৈ অনুৰাগীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে মাজনিশা বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্টটো হঠাতে সেৱা বন্ধ হৈ যায়। এই সময়ছোৱাত একাউণ্টটো চাৰ্চ কৰোঁতে ব্যৱহাৰকাৰীসকলে “প্ৰফাইল উপলব্ধ নহয়” অথবা “ব্যৱহাৰকাৰী পোৱা নগ’ল” বুলি বাৰ্তা লাভ কৰিছিল।এই অনাকাংক্ষিত ঘটনাই কোহলীৰ অনুৰাগীসকলৰ মাজত তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি কৰে। সামাজিক মাধ্যমত বহুতে একাউণ্টটো নিষ্ক্ৰিয় কৰা হৈছে নে ডিলিট কৰা হৈছে, নে ইনষ্টাগ্ৰামৰ কোনো ডাঙৰ কাৰিকৰী সমস্যাৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি বিভিন্ন ধৰণৰ অনুমান কৰিবলৈ ধৰে। Share this:FacebookX Related Post navigation এই শাকৰ কথা জানিলে আচৰিত হব আপুনিও নিৰ্বাচনৰ পূৰ্বে পুনৰ পাকিস্তানৰ লিংক