সুন্দৰ মহল, চামুণ্ডী পাহাৰ আৰু বৃন্দাবন গাৰ্ডেন আদিৰ বাবে বিখ্যাত মহীশূৰৰ পৰ্যটন ক্ষেত্ৰত সংযোজিত হৈছে আন এক আকৰ্ষণীয় স্থান । দেশৰ প্ৰথমটো মেকুৰী সংগ্ৰহালয়ৰে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সংক্ষম হৈছে মহীশূৰে । য’ত পৰ্যটকে ঘৰুৱা মেকুৰী আৰু মেকুৰীৰ জীৱন শৈলী ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰে ।বিশ্বত কুকুৰৰ দৰে মেকুৰীৰো ৫০ৰ পৰা ৬০ টা প্ৰজাতি আছে । বেছিভাগ লোকে এটা বা দুটা প্ৰজাতিৰ বিষয়েহে জানে, কিন্তু বহুত কম লোকে বাস্তৱতে সিহঁতৰ গুণ, জীৱনকাল আৰু চোৱাচিতা কৰাটো জৰুৰী বুলি ভাবে । এই সংগ্ৰহালয় সিহঁতৰ বিষয়ে জানিবলৈ আৰু মেকুৰীৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিবলৈ বনোৱা হৈছে ।”

Leave a Reply

Your email address will not be published. Required fields are marked *