শিখা শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল জুবিন গাৰ্গৰ পৰিয়ালৰ। দিছপুৰ থানাত এজাহাৰ দাখিল জুবিন গাৰ্গৰ ভগ্নী ড০ পামী বৰঠাকুৰৰ। অভিযোগ দাখিল কৰে জুবিন ফেন ক্লাবে। জুবিন গাৰ্গৰ সম্পৰ্কত অৰুচিকৰ মন্তব্য কৰিছিল শিখা শৰ্মাই। তাৰ পিছতে আজি ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছে গৰিমা শইকীয়া গাৰ্গে।সংবাদ মাধ্যমৰ আগত গৰিমাই কয়, ‘শিখা শৰ্মাৰ মানসিকতাই তেনেকুৱা। ইমান দিনে শিখা শৰ্মাক মানসিক ৰোগী বুলি আওকান কৰি আছিলোঁ। অৱশেষত আমাৰ ধৈৰ্যৰ সীমা চেৰাই গ’ল। জুবিনৰ সত্বাটো কি সেইয়া সকলোৱে জানে। সেইজন মানুহক অসভ্য,অশালীন,কটু মন্তব্য আমি কেতিয়াও ভাবিবই নোৱাৰোঁ।’মৃত্যুৰ পিছত জুবিন গাৰ্গৰ চৰিত্ৰ সন্দৰ্ভত বিতৰ্কিত ফেচবুকত পোষ্ট লিখিছিল শিখা শৰ্মাই। জুবিন গাৰ্গৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত এনে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ সোমবাৰে ক্ৰাইম ব্ৰাঞ্চৰ কাষ চাপিছে গৰিমা। Share this:FacebookX Related Post navigation জম্মু-কাশ্মীৰত ভয়ানক সংঘৰ্ষ ইতিহাস ৰচিব গণতন্ত্ৰ দিৱসত: পুৰুষ জোৱানৰ দলক নেতৃত্ব দিব কাশ্মীৰী চিআৰপিএফ মহিলা বিষয়া