“জেহাদৰ কথা বেছিকৈ কৈ থাকিলে জে’লত ভৰোৱা হ’ব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক ।” ৰেজাউল কৰিম সৰকাৰক এই কঠোৰ সকীয়নি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে ৰেজাউল কৰিম সৰকাৰৰ প্ৰসংগত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।মুখ্যমন্ত্রীয়ে কয়, “শিক্ষাৰ বিকাশ বুলি ক’লে আমাৰ আপত্তি নাই । জেহাদ মানেই গণ্ডগোলীয়া শব্দ । মানে প্ৰশ্নকাকত, উত্তৰবহী ফাদিল কৰিব । বিভিন্ন ধৰণৰ জেহাদ কৰিব । লেণ্ড জেহাদত মাটিতো দখল কৰে । লাভ জেহাদত ছোৱালীক ফুচুলাই লৈ যায় । তেওঁলোকে ফাৰ্টিলাইজাৰ জেহাদ কৰে । গতিকে জেহাদ শব্দটোৱে দুই নম্বৰী বুজায় ।”

Leave a Reply

Your email address will not be published. Required fields are marked *