পুনৰ আটক তিনি ৰোহিংগীয়া। জানিব পৰা মতে, তিনিজনকৈ বাৰ্মাৰ নাগৰিকে সীমান্ত পাৰ হৈ দেশত প্ৰৱেশ কৰিছিল। পাছত তেওঁলোকে অসমত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল। তাৰ মাজতে তিনিওকে ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰে।ত্ৰিপুৰা ধৰ্মনগৰত আটক তিনি ৰোহিংগীয়া নাগৰিক। আই এছ বি টি (ISBT) এলেকাৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰিছে এই তিনিগৰাকীকৈ ৰোহিংগীয়া নাগৰিকক।আটকাধীন লোককেইজনৰ জেৰাৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে তিনিওজন বাৰ্মাৰ। তেওঁলোকৰ নাম আব্দুল ৰহিম, জেচমিন বেগম আৰু ৰামি আলী। সম্প্ৰতি ধৰ্মনগৰ আৰক্ষী থানাত বন্দীসকলক জেৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *