মাৰ্চ মাহৰ শেষৰ শনিবাৰে ‘ধৰিত্ৰী ঘণ্টা’ পালন কৰা হয়। এই দিনটোত স্থানীয় সময় অনুসৰি নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈকে এঘণ্টাৰ বাবে অপ্ৰয়োজনীয় লাইটসমূহ বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হয়। এই সময়ত অপ্ৰয়োজনীয় কামত বিজুলী ব্যৱহাৰ নকৰিবলৈ জনোৱা হয় আহ্বান।জলবায়ু পৰিৱৰ্তনৰ প্ৰতি ব্যাপক সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় ‘ধৰিত্ৰী ঘণ্টা’। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ মানুহক উৎসাহিত কৰাৰ লক্ষ্যৰে পালন কৰা আৰ্থ আৱাৰ বা ‘ধৰিত্ৰী ঘণ্টা’ হৈছে এক বিশ্বব্যাপী পদক্ষেপ।

Leave a Reply

Your email address will not be published. Required fields are marked *