তৃতীয় টেষ্টত নিউজিলেণ্ডে ৱেষ্ট ইণ্ডিজক ৩২৩ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে নিউজিলেণ্ডে তিনিখন মেচৰ টেষ্ট শৃংখলা ২-০ত জয়লাভ কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) পইণ্ট টেবুলত দ্বিতীয় স্থানলৈ গতি কৰে। মাউণ্ট মাউংগানুইৰ বে অ’ভেলত অনুষ্ঠিত এই মেচখনত নিউজিলেণ্ডৰ বেটছমেনসকলে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। দুয়োটা ইনিংছতে ডেভন কনৱে আৰু টম লেথামে শতক অৰ্জন কৰে।

ইফালে, বলাৰ জেকব ডাফীয়ে মেচখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি মুঠ ৯টা উইকেট দখল কৰে। সোমবাৰে অৰ্থাৎ মেচখনৰ পঞ্চম দিনা ৱেষ্ট ইণ্ডিজে ৪৩/০ ত পুনৰ খেল আৰম্ভ কৰে যদিও ৪১৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি  সমগ্ৰ দলটোৱে ১৩৮ ৰানত অলআউট হয়। দ্বিতীয় ইনিংছত ডাফীয়ে ৫টা উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে নিউজিলেণ্ডে প্ৰথম ইনিংছত ৫৭৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজে ৪২০ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল।প্ৰথম ইনিংছৰ ভিত্তিত নিউজিলেণ্ডে ১৫৫ ৰানৰ অগ্ৰগতিত আছিল। দ্বিতীয় ইনিংছত নিউজিলেণ্ডে ৩০৬/২ ৰানত ঘোষণা কৰি ৱেষ্ট ইণ্ডিজক ৪১৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে, যিটো তেওঁলোকে লাভ কৰিব নোৱাৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *