টাটা টিয়ে সুস্থতাক সৰ্বাধিক গুৰুত্ব আৰোপ কৰি গ্ৰাহকৰ কল্যাণৰ বাবে আগবঢ়াইছে টাটা টি গোল্ড ভিটাকেয়াৰ। এই অভিনৱ চাহৰ মিশ্ৰণে মানুহৰ স্বাস্থ্য বৃদ্ধি কৰাৰ এক সুস্বাদু উপায়ৰ প্ৰতিশ্ৰুতি দিয়ে, কিয়নো মাত্ৰ দুকাপ চাহ দৈনিক সেৱনে শৰীৰৰ বাবে চাৰিটা অত্যাৱশ্যকীয় ভিটামিন ডি, বি৬, বি৯ আৰু বি১২ৰ প্ৰায় ৩০% প্ৰদান কৰে। ভিটামিন ডি-এ হাড়ৰ স্বাভাৱিক গঠন-ৰক্ষণাবেক্ষণত সহায় কৰে, আনহাতে ভিটামিন বি৬-এ ক্লান্তি আৰু ভাগৰ হ্ৰাস কৰাত সহায় কৰে। ফলিক এচিড বা ভিটামিন বি৯-এ স্বাভাৱিক ৰক্ত গঠনৰ বাবে অত্যাৱশ্যকীয় আৰু ভিটামিন বি১২-এ শক্তি উৎপাদক ক্ৰিয়াত অৰিহণা যোগায়। স্বাস্থ্যৰ বাবে উপযোগী সামগ্ৰী যোগান ধৰি টাটা টি গোল্ড ভিটা কেয়াৰে গ্ৰাহকসকলক নিজৰ দৈনন্দিন ৰুটিনত গুৰুত্বপূৰ্ণ পুষ্টি অন্তৰ্ভুক্ত কৰাৰ বাবে এক ব্যৱহাৰিক সমাধান প্ৰদান কৰিছে। বৰ্তমান ১০০, ২৫০, আৰু ৫০০ গ্ৰাম পেকত উপলব্ধ টাটা টি গল্ডৰ ভিটাকেয়াৰৰ মূল্য ক্ৰমে ৫০, ১৮০ টকা আৰু ৩৪০ টকা আৰু এইসমূহ পণ্য সাধাৰণ বাণিজ্য, আধুনিক বাণিজ্য আৰু আগশাৰীৰ সকলো ই-কমাৰ্চ প্লেটফৰ্মত পোৱা যাব। টাটা টিয়ে জোৰ দি কয় যে এই চাহক সুষম খাদ্যৰ অংশ হিচাপে গ্ৰহণ কৰিব লাগে, যিয়ে সুস্বাদু আৰু সুবিধাজনকভাৱে সামগ্ৰিক সুস্থতাক প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। টাটা টি গল্ড ভিটাকেয়াৰৰ সৈতে আপোনাৰ চাহকাপ সুস্থতালৈ ৰূপান্তৰ কৰক! Share this:FacebookX Related Post navigation টাটা টি গোল্ড ভিটাকেয়াৰৰ দ্বাৰা ভিটামিন ডি ৰ অভাৱ সজাগতা অভিযান আৰম্ভ কৰা হৈছে জেনিচিছ গ্ৰুপ অধিগ্ৰহণ কৰাৰ কথা ঘোষণা বন্ধন গ্ৰুপৰ