ৰেনল্ট ইণ্ডিয়াই আগন্তুক নতুন ৰেনল্ট ডাষ্টাৰ এছইউভিখনে ৩খন মহাদেশত ১ মিলিয়ন কিলোমিটাৰতকৈ অধিক পৰীক্ষা সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰিছে, য’ত –২৩ ডিগ্ৰী চেলছিয়াছৰ পৰা ৫৫ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতা সামৰি লোৱা হৈছে। কোম্পানীটোৱে সদৰি কৰা মতে, বাস্তৱ সময়ৰ পথৰ পৰিস্থিতিৰ বাবে শক্তি, সুৰক্ষা আৰু দীৰ্ঘম্যাদী স্থায়িত্ব নিশ্চিত কৰিবলৈ এই এছইউভিখনক যিকোনো পৰিৱেশত চলাচল কৰিবৰ বাবে কঠোৰ পৰীক্ষা কৰা হৈছিল।
ডাষ্টাৰখনে লেহ-লাডাখকে ধৰি ওখ পাহাৰীয়া স্থানতো নিজৰ সামৰ্থ্য প্ৰমাণ কৰিলে, য’ত ই খাৰডুং লাত ১৮,৩৭৯ ফুট উচ্চতাত পৰীক্ষামূলক যাত্ৰা সম্পূৰ্ণ কৰে, যি বিশ্বৰ অন্যতম ওখ বাহন চলাচলযোগ্য পাছ। ৰেনল্টে কয় যে, এই গাড়ীখনে ডাষ্ট টানেল টেষ্টিং, ৱাটাৰ-ৱাডিং, ঠেক পথেৰে আগুৱাই যোৱা, চহৰৰ ব্যস্ত ট্ৰেফিক ড্ৰাইভ আৰু হাইৱে এণ্ডুৰেন্স ৰানৰ মাজেৰে সফলতাৰে আগুৱাইছিল। ভাৰতৰ নাট্ৰেক্স, এআৰএআই, জিএআৰচি আৰু আইচিএটি-ৰ দৰে কেন্দ্ৰসমূহতো পৰীক্ষা কৰা হৈছিল। ব্ৰাজিল, ৰোমানিয়া, ফ্ৰান্স, চীন আৰু চেক গণৰাজ্যকে ধৰি কেইবাখনো দেশত পৰিচালনা আৰু স্থিতিশীলতা পৰিশোধন কৰিবলৈ টিউনিং ড্ৰাইভ চলোৱা হৈছিল। ৰেনল্ট গ্ৰুপ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ষ্টেফেন ডেবলাইজে কয় যে, এই মাইলৰ খুঁটিয়ে ভাৰতৰ বাবে এক নিৰ্ভৰযোগ্য আৰু সক্ষম এছইউভি প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে।
গুৱাহাটীৰ গাড়ী বিক্ৰেতাসকলে কয় যে, নতুন ডাষ্টাৰখনক লৈ যথেষ্ট আশা আছে, কিয়নো পূৰ্বৰ সংস্কৰণটোৰ অসম আৰু উত্তৰ-পূবত এক বিশ্বস্ত গ্ৰাহক আছিল। পাহাৰীয়া জিলাসমূহক সংযোগ কৰা মিশ্ৰিত ভূখণ্ড আৰু ঘাইপথৰ অংশত প্ৰায়ে গাড়ী চলোৱা গ্ৰাহকসকলক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে। ৰেনল্টে কয় যে, নতুন ডাষ্টাৰে ব্ৰেণ্ডটোৰ বাবে পৰিচিত যিকোনো পথতে চলাচলৰ সামৰ্থ্যৰে আধুনিক পৰিচালনাৰ সকলো দিশ সংযোজন কৰিব। ২০২৬ চনৰ ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব এই এছইউভিখন।

Leave a Reply

Your email address will not be published. Required fields are marked *