দেশৰ ৰাজপথত শ্লীপাৰ কোচ বাছত সংঘটিত হোৱা অগ্নিকাণ্ড আৰু দুৰ্ঘটনা ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এতিয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে ঘোষণা কৰে যে এতিয়াৰে পৰা কেৱল চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অটোম’বাইল কোম্পানীসমূহেহে শ্লীপাৰ কোচ বাছ নিৰ্মাণ কৰিব পাৰিব। বাছসমূহত অগ্নিকাণ্ডৰ ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লয়। কেৱল কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি দিয়া সুবিধাসম্পন্ন প্ৰতিষ্ঠানেহে এই বাছসমূহ তৈয়াৰ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

গাডকাৰীয়ে জনোৱা মতে, এতিয়াৰে পৰা প্ৰতিখন শ্লীপাৰ বাছত জুই ধৰা পেলোৱা ছিষ্টেম, জৰুৰীকালীন পোহৰ আৰু চালকৰ টোপনি ধৰা পেলোৱা ইণ্ডিকেটৰ থকাটো বাধ্যতামূলক হ’ব। ইয়াৰ উপৰি যাত্ৰীৰ সুৰক্ষাৰ বাবে সকলো বাছত জৰুৰীকালীন নিৰ্গমন দুৱাৰ আৰু হাতুৰী থাকিব লাগিব বুলি তেওঁ উল্লেখ কৰে। সকলো শ্লীপাৰ বাছে ৰাষ্ট্ৰীয় মানদণ্ডৰ ‘AIS-052’ বাছ বডী ক’ড পালন কৰিব লাগিব। ইয়াৰ জৰিয়তে যাত্ৰী আৰু চালক উভয়েই উচ্চমানৰ সুৰক্ষা লাভ কৰিব বুলি মন্ত্ৰালয়ে আশা প্ৰকাশ কৰে।

উল্লেখ্য যে, বিগত ছমাহত শ্লীপাৰ বাছত সংঘটিত হোৱা ৬টা ডাঙৰ অগ্নিকাণ্ডৰ ঘটনাত প্ৰায় ১৪৫গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। তদন্তৰ সময়ত প্ৰায়ে দেখা গৈছে যে বাছসমূহত জৰুৰীকালীন খিৰিকী নাথাকে নতুবা সুৰক্ষা সঁজুলিৰ অভাৱ থাকে। এই সমস্যাসমূহ দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে পথ দুৰ্ঘটনাত পতিত লোকৰ বাবে ‘কেচলেছ’ চিকিৎসা আঁচনি আৰম্ভ কৰিব। এই আঁচনিৰ অধীনত দুৰ্ঘটনাগ্ৰস্ত লোকে ১.৫ লাখ টকা পৰ্যন্ত নগদ বিহীন চিকিৎসা লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিৰ শুভাৰম্ভ কৰিব বুলি গাডকাৰীয়ে জানিবলৈ দিয়ে।

আনহাতে, দুৰ্ঘটনা ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ‘ভেহিকেল-টু-ভেহিকেল’ যোগাযোগ প্ৰযুক্তি ব্যৱহাৰৰ কাম চলাইছে। এই প্ৰযুক্তিৰ সহায়ত এখন বাহনে আনখন বাহনৰ সৈতে পোনপটীয়া যোগাযোগ কৰিব পাৰিব। ইয়াৰ ফলত চালকে ওচৰত থকা আন বাহনৰ গতিবেগ আৰু ব্ৰেক মৰাৰ তথ্য আগতীয়াকৈ লাভ কৰিব। দুৰ্ঘটনাগ্ৰস্ত লোকক হাস্পতাললৈ নিয়া লোকক চৰকাৰে নগদ ধনৰ পুৰস্কাৰো প্ৰদান কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *