চিকিৎসকৰ বৈধ প্ৰেছক্ৰিপচন অবিহনে চিৰিঞ্জ বিক্ৰীৰ ওপৰত জাৰি কৰা এক মৌখিক নিৰ্দেশনাই বিপাকত পেলাইছে হোজাই জিলাৰ সাধাৰণ গ্ৰাহক তথা ৰোগীসকলক। জিলাখনৰ ঔষধ পৰিদৰ্শকে ফাৰ্মাচীসমূহক দিয়া এই আকস্মিক নিৰ্দেশৰ পাছতে এতিয়া জৰুৰীকালীন চিকিৎসা সেৱাৰ ক্ষেত্ৰত এক জটিল সমস্যাই বিৰাজ কৰিছে। বিশেষকৈ নিয়মীয়াকৈ ইনচুলিন ল’বলগীয়া হোৱা মধুমেহ ৰোগীসকল এতিয়া চৰম সংকটৰ মুখত পৰিছে।

স্থানীয় ফাৰ্মাচী পৰিচালকসকলে জনোৱা মতে, ড্ৰাগছ ইন্সপেক্টৰৰ পৰা লাভ কৰা মৌখিক নিৰ্দেশনা মানি চলাটো তেওঁলোকৰ বাবে বাধ্যতামূলক। সেই অনুসৰি, বৰ্তমান ঔষধৰ দোকানে বৈধ প্ৰেছক্ৰিপচন নথকা গ্ৰাহকক চিৰিঞ্জ যোগান ধৰিবলৈ অমান্তি হৈছে। এই বাধ্যবাধকতাই দৰিদ্ৰ আৰু গ্ৰামাঞ্চলৰ ৰোগীসকলক চিন্তিত কৰি তুলিছে, কাৰণ তেওঁলোকৰ বাবে বাৰে বাৰে চিকিৎসকৰ কাষ চাপি নতুন প্ৰেছক্ৰিপচন অনাটো সম্ভৱ নহয়।

আনহাতে, এই নতুন নিয়মক লৈ ৰাইজৰ মাজত এক গভীৰ অসন্তুষ্টি আৰু অবিশ্বাসৰ সৃষ্টি হৈছে। বহু গ্ৰাহকে ফাৰ্মাচীসমূহক লিখিত নিৰ্দেশনা চাব বিচাৰিছে যদিও দোকানসমূহে তেনে কোনো আনুষ্ঠানিক নথি দেখুৱাবলৈ সক্ষম হোৱা নাই। লিখিত নিৰ্দেশনাৰ অভাৱে সাধাৰণ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ লগতে এক অনিশ্চিত পৰিৱেশৰ সূচনা কৰিছে।

ড্ৰাগছৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কৰ্তৃপক্ষই এই পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে যদিও ৰাইজে ইয়াৰ বিপৰীত ফল হোৱাৰহে শংকা কৰিছে। জনস্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, চিৰিঞ্জৰ উপলব্ধতা কমাই দিলে নিচাসক্ত লোকসকলে এটা চিৰিঞ্জকে বহুজনে ব্যৱহাৰ কৰাৰ সম্ভাৱনা থাকে, যিয়ে এইচআইভিৰ দৰে মাৰাত্মক সংক্ৰমণ বিয়পোৱাত ইন্ধন যোগাব পাৰে। সেয়ে ৰাইজে কৰ্তৃপক্ষক এই সন্দৰ্ভত এক স্পষ্ট নীতি নিৰ্ধাৰণ কৰি ৰোগীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *